NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

আশাৰ বতৰা: সহজসাধ্য হোৱাৰ দিশে কেঞ্চাৰৰ চিকিৎসা; আমেৰিকাত লাভ কৰিছে সফলতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2022 11:55 am
Cancer treatment

ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে। কৰ্কট যদিও এতিয়া দুৰাৰোগ্য হৈ থকা নাই তথাপি বহু সময়ত ই প্ৰাণঘাতক হিচাবে পৰিগণিত হৈ আহিছে। বিশেষকৈ দীঘলীয়া তথা কঠিন আৰু ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবে কৰ্কট ৰোগৰ ভয়াৱহতা অধিক হৈ পৰে।

কিন্তু সম্প্ৰতি প্ৰকাশিত এক খবৰে এই ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আনিছে এক আশাৰ বতৰা। শেহতীয়াকৈ আমেৰিকাত এক পৰীক্ষণৰ সময়ত মাত্ৰ এবিধ দৰব ব্যৱহাৰ কৰিয়েই বহু ৰোগীয়ে কৰ্কটৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে বুলি দাবী কৰা হৈছে।

এই খবৰে এতিয়া আশান্বিত কৰি তুলিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানী তথা চিকিৎসকসকলক। মাত্ৰ এবিধ দৰব কেইদিনমানৰ বাবে ব্যৱহাৰ কৰিয়েই শৰীৰক কৰ্কটমুক্ত কৰিব পৰাৰ ঘটনাই এতিয়া নতুন আশাৰ ৰেঙণি দেখুৱাইছে।

আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছে।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।

এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন, এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।নিউয়ৰ্কৰ মেম’ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ ডাঃ লুইছ এ. ডিয়াজ জেয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা এয়াই প্ৰথম বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ কেমোথেৰাপী, ৰে’, অস্ত্ৰোপচাৰ আদিও কৰা হৈছিল যদিও বিশেষ সুফল পোৱা নাছিল। কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হয়।

অৱশ্যে এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে।