NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ দহ খন জিলাত মুকলি ‘মহিলাৰ বাবে বিশেষ কোষ’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 9, 2022 7:59 am

অসম আৰক্ষীৰ উদ্যোগত ৰাজ্যৰ ১০ খন জিলাত আনুষ্ঠানিকভাৱে “মহিলাৰ বাবে বিশেষ কোষ” মুকলি কৰা হৈছে।

‘মহিলাৰ বাবে বিশেষ কোষ’ অসম আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই ডিব্ৰুগড়, শোণিতপুৰ, নগাঁও, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং, কাছাৰ, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ বাবে মুকলি কৰে।

অসম আৰক্ষী, গৃহ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা অসম চৰকাৰৰ সৈতে বুজাবুজিচুক্তি স্বাক্ষৰ কৰা টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানে সমাজ কৰ্মী, পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্বয়কাৰীৰ জৰিয়তে এই বিশেষ কোষসমূহ পৰিচালনা কৰিব।

বিশেষ কোষবোৰে মহিলাসকলক মানসিক, সামাজিক আৰু আইনী সেৱাৰ জৰিয়তে সহায় কৰিব পাৰিব বুলি আশা কৰা হৈছে৷

এই বিশেষ কোষবোৰ উক্ত জিলাসমূহৰ সদৰ আৰক্ষী থানাৰ পৰা পৰিচালিত হ’ব।