NORTHEAST NOW (Assamese)
দেশ

মানৱ অধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামীলৈ মৰণোত্তৰভাৱে মাৰ্টিন এনালছ বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2022 5:47 pm
Father Stan Swamy

ভাৰতীয় সমাজকৰ্মী, জনজাতীয় আৰু দলিত অধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামীক মৰণোত্তৰভাৱে মাৰ্টিন এনালছ বঁটা ২০২২ ৰে সন্মানিত কৰা হৈছে। চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত মাৰ্টিন এনালছ ফাউণ্ডেচনৰ দ্বাৰা প্ৰদান কৰা এই বঁটাক মানৱ অধিকাৰ ৰক্ষকসকলৰ বাবে নবেল বঁটা হিচাপে গণ্য কৰা হয়।

অৱশ্যে ফাদাৰ ষ্টেন স্বামীক ২০২১ চনতে এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল, কিন্তু ইয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱাৰ বাবে যোৱা বৰ্ষত তেওঁক সন্মানিত কৰিব পৰা নগ’ল বুলি মাৰ্টিন এনালছ এৱাৰ্ডৰ জুৰী অধ্যক্ষ হান্স থুলেনে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

যোৱা ৩০ মে’ত থুলেনে এই বঁটাৰ বাবে ষ্টেন স্বামীৰ নাম মনোনয়ন কৰি কৈছিল যে জুৰীয়ে মানৱ অধিকাৰৰ ক্ষেত্ৰত ফাদাৰ ষ্টেন স্বামীৰ অৱদানৰ ওপৰত আলোকপাত কৰিব বিচাৰিছিল। ভাৰতীয় কৰ্তৃপক্ষৰ দ্বাৰা তেওঁক অন্যায়ভাৱে কাৰাৰুদ্ধ কৰি ৰাখিলেও মানৱ অধিকাৰৰ ক্ষেত্ৰত স্বামীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল থুলেনে।

উল্লেখ্য যে বিশ্বৰ দহটা আগশাৰীৰ মানৱ অধিকাৰ বেচৰকাৰী সংগঠনক লৈ গঠিত জুৰীয়ে মানৱ অধিকাৰ ৰক্ষকসকলৰ মাজৰ পৰা বাৰ্ষিক বঁটা বিজয়ীৰ নাম বাছনি কৰে। ইংলেণ্ডৰ মানৱ অধিকাৰ কৰ্মী মাৰ্টিন এনালছৰ নামত এই বঁটা প্ৰদান কৰা হয়।

১৯৯১ চনত এনালছৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত মানৱ অধিকাৰ ৰক্ষা আৰু প্ৰচাৰৰ বাবে সকলো প্ৰতিকূলতা অতিক্ৰম কৰি ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰা কোনো ব্যক্তিবিশেষ বা মানৱ অধিকাৰ সংগঠনক মাৰ্টিন এনালছ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।

ষ্টেন স্বামীৰ লগতে চলিত বৰ্ষত আন তিনিজন লোকক মাৰ্টিন এনালছ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল। বুৰ্কিনা ফাছোৰ হিংসাত্মক সংঘৰ্ষৰ সময়ত সংঘটিত মানৱ অধিকাৰৰ উলংঘনৰ বিষয়ে ফাদিল কাৰ মানৱ অধিকাৰ কৰ্মী ডাঅ’দা ডিয়াল’, ভিয়েটনামৰ সাংবাদিক ফান ডান ট্ৰাং আৰু বাহৰেইনৰ আব্দুল হাদি আল খাৱাজাক এই সন্মান প্ৰদান কৰা হৈছে।

উল্লেখ্য যে দেশৰ প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী ষ্টেন স্বামীয়ে ঝাৰখণ্ডত আদিবাসী অধিকাৰৰ প্ৰচাৰৰ বাবে কেইবাটাও সংগঠন প্ৰতিষ্ঠা কৰিছিল। ২০১৮ চনৰ ভীমা কোৰেগাঁও হিংসাৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (UAPA)ৰ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল।

পাৰ্কিনছন ৰোগত আক্ৰান্ত স্বামীয়ে ২০২১ চনৰ পৰা সুদীৰ্ঘ ৯ মাহ কাৰাবন্দী জীৱন কটাইছিল। স্বাস্থ্য ক্ৰমাগত অৱনতিৰ বাবে ষ্টেন স্বামীয়ে কেইবাবাৰো জামিন আবেদন কৰিছিল যদিও বাৰে বাৰে তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰা হৈছিল। কাৰাবন্দী অৱস্থাতেই তেওঁৰ স্বাস্থ্য সংকটজনক হৈ পৰাৰ বাবে ৪ জুলাইত তেওঁক ভেণ্টিলেটৰত ৰখাৰ ব্যৱস্থা কৰা হয় যদিও পিছদিনাই তেওঁৰ মৃত্যু হয়।

স্বামীৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। প্ৰশাসনিক ব্যৱস্থা তথা কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই স্বামীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলিও অভিযোগ উত্থাপন হৈছিল।