NORTHEAST NOW (Assamese)
অসম

টীয়কত শ্বহীদৰ স্মৃতি বিজড়িত বিদ্যালয়ক একত্ৰিকৰণৰ বিৰোধিতা; শিক্ষামন্ত্ৰীক পুনৰ বিবেচনাৰ দাবী ৰাইজৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক June 10, 2022 12:42 pm

অস্বিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ মদন গগৈৰ সোঁৱৰণি টীয়কৰ পুৰণি মেলেঙৰ প্ৰাথমিক বিদ্যালয়খন কাষৰীয়া দাঙৰীটোল প্ৰাথমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিব বিচৰা অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পুৰণি মেলেঙৰ ৰাইজ।

যিসময়ত শ্বহীদৰ প্ৰতি সন্মান জনোৱাৰ বাবে ৰাজ্য চৰকাৰখনে বহু কেইটা গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে ,শ্বহীদ পৰিয়ালক আৰ্থিক অনুদান আগবঢ়াইছে তেনে সময়ত ১৯৮৬ চনত শ্বহীদ মদন গগৈৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে পুৰণি মেলেঙত স্থাপন কৰা এই বিদ্যালয়খন আন বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰাৰ লগে লগে শ্বহীদ গৰাকীৰ নামো লুপ্ত হৈ পৰিব।

সেয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি অঞ্চলবাসীয়ে ষ্পষ্ট কৰি দিয়ে। সেয়ে এই সমগ্ৰ বিষয়টো অসমৰ শিক্ষামন্ত্ৰীক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাই আজি অঞ্চলটোৰ পুৰুষ-মহিলাই বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।