NORTHEAST NOW (Assamese)
অসম

প্ৰফেট মহম্মদ বিতৰ্ক: নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ প্ৰদেশ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2022 5:21 pm
Prophet Mohammed remark

মুছলমানৰ পয়গম্বৰ মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে দেশৰ লগতে আন্তৰ্জাতিক ৰাজনীতিতো খলকনি তোলা বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ লগতে বিজেপিৰ মিডিয়াৰ গোটৰ প্ৰাক্তন সম্পাদক নবীন জিন্দালৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে অসম কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ স্বাক্ষৰিত এজাহাৰনামাত দুয়োৰে বিৰুদ্ধে প্ৰফেট মহম্মদৰ সম্পৰ্কত অপমানজনক মন্তব্যৰে ভাৰতীয় সভ্যতা আৰু বৈচিত্ৰৰ মাজত ঐক্যৰ ধাৰণাক কলঙ্কিত কৰিছে বুলি অভিযোগ কৰা হৈছে।

এনে মন্তব্যই সমাজত ঋণাত্মক আৰু বিৰূপ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি কংগ্ৰেছে এইয়া এক ফৌজদাৰী অপৰাধ বুলি বিবেচনা কৰিবলৈ আহ্বান জনায়।

এনে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত দুয়োগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে।নহ’লে ই অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰফেট মহম্মদ সন্দৰ্ভত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিতৰ্কৰ পিছতে আৰৱ বিশ্বৰ লগতে মুছলমান ৰাষ্ট্ৰসমূহে ভাৰতৰ বিৰুদ্ধে কূটনৈতিক বিৰোধৰ স্থিতি গ্ৰহণ কৰিছে।

এনে প্ৰতিক্ৰিয়াৰ ওচৰত সেও মানি বিজেপিয়ে ইতিমধ্যে নুপুৰ শৰ্মাৰ লগতে নবীন জিন্দালকো দলৰ পৰা নিলম্বন কৰিছে।