NORTHEAST NOW (Assamese)
অসম

২২ এপ্ৰিলৰ পৰা গুৱাহাটীত প্ৰেছিডেন্সিয়েল কাপ বেছ বল

Posted by: এন ই নাও নিউজ April 18, 2018 7:26 am
india-pakistan-baseball

গুৱাহাটীত আন এক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ২২-২৭ এপ্ৰিলত ৯ খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব প্ৰেছিডেন্সিয়েল কাপ বেছ বল প্ৰতিযোগিতা।

মঙলবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে ৰাজ্যিক সন্থাৰ সম্পাদক আছমা বেগম আৰু প্ৰাক্তন প্ৰশাসনীয় বিষয়া স্বপ্ননীল বৰুৱাই।

প্ৰতিযোগিতাখনৰ আয়োজকে জনোৱা মতে অংশগ্ৰহণকাৰী দলবোৰ হ’ল পাকিস্তান, ইৰান, ইৰাক, আফগানিস্তান, শ্ৰীলংকা, নেপাল, ভূটান, বাংলাদেশ আৰু আয়োজক ভাৰত।

উল্লেখযোগ্য যে এই সন্মানজনক প্ৰতিযোগিতাখনত ভাৰত ডিফেণ্ডিং চেম্পিয়ন। উক্ত টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈছিল ইৰানত।

ইফালে দিবা-নৈশ ভিত্তিত মূল মেচসমূহ অনুষ্ঠিত হ’ব সৰুসজাই ক্ৰীড়া প্ৰকল্পত। কিন্তু ২২ এপ্ৰিলৰ দিনা বিয়লি ৪ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত।

আনহাতে আয়োজকে জানিবলৈ দিয়া মতে উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া মন্ত্ৰী নৱ দলেৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।