NORTHEAST NOW (Assamese)
অসম

“অগ্নিপথ” আঁচনিয়ে জ্বলাইছে দেশ; অসম অভিমুখী লোহিত এক্সপ্ৰেছ জ্বলালে প্ৰতিবাদকাৰীয়ে

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী June 17, 2022 4:02 pm

অগ্নিপথ নামেৰে সশস্ত্ৰ বাহিনীৰ আঁচনি কেন্দ্ৰীয় চৰকাৰে অনাৰ পাছতেই এতিয়া দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

বিহাৰত এই প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে।

অগ্নিপথ আঁচনিৰ জৰিয়তে সেনা-বাহিনীত যোগ দিলে মাত্ৰ চাৰিবছৰৰ বাবেহে চাকৰি কৰিব পাৰিব সেনা-জোৱানসকলে।
তাৰ পাছতে যোৱা তিনিদিন ধৰি বিহাৰত হিংসাত্মকৰূপত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰতিবাদকাৰীয়ে আজি পুৱাৰ ভাগত জ্বলাই দিলে অসম অভিমুখী ৰে’ল।

গুৱাহাটী অভিমুখী লোহিত এক্সপ্ৰেছত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে।

জানিব পৰা মতে ৰে’লখনত আছিল অসমৰ বহু যাত্ৰী। কিন্তু কোনো লোক হতাহত হোৱাৰ খবৰ বৰ্তমানলৈকে লাভ কৰা নাই।

সম্পূৰ্ণৰূপে ভস্মীভূত লোহিত এক্সপ্ৰেছৰ ৭টাকৈ ডবা।

বিহাৰৰ মহিউদ্দিন ৰে’ল ষ্টেচনত এই অগ্নিসংযোগৰ ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি, বিহাৰৰ সমষ্টিপুৰৰ পিছত প্ৰতিবাদকাৰীসকলে উত্তৰ প্ৰদেশৰ বালিয়া ষ্টেচন আৰু তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ষ্টেচনত ৰে’ল জ্বলাই দিয়ে। ৰে’ল ষ্টেচন, ৰে’লৰ খিৰিকী ভাঙি পেলোৱা হৈছে। আৰক্ষীয়েও লাঠীচালনা কৰে। আৰক্ষী আৰু ৰে’লৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। জ্বলি উঠা দবাবোৰ আঁতৰাই নিয়া হৈছে।

প্ৰতিবাদকাৰীসকলে কেৱল ৰে’ল ষ্টেচন আক্ৰমণ কৰা বা পথ অৱৰোধ কৰাই নহয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণ কৰাৰো অভিযোগ উঠিছে। বিহাৰৰ বেতিয়াত উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ ঘৰত আক্ৰমণ কৰাৰ অভিযোগ কৰা হৈছে।

ইপিনে, এই প্ৰতিবাদৰ প্ৰভাৱ অসমৰ যোৰহাটতো পৰা পৰিলক্ষিত হৈছে। অগ্নিপথ আঁচনিৰ বিৰুদ্ধে শুকুৰবাৰে যোৰহাটত একাংশ চাকৰি প্ৰত্যাশী যুৱকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাটৰ ৰৰৈয়াৰ ARO কাৰ্য্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে মধ্য আৰু উজনি অসমৰ শ-শ সেনাবাহিনীত যোগ দিব খোজা চাকৰি প্ৰত্যাশীয়ে। ২০২১ চনত ভাৰতীয় সেনাৰ rally ত উত্তীৰ্ণ হৈছিল এইসকল যুৱক।