NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সংকটে জুৰুলা আফগানিস্তান: চাকৰি নাই, ৰাজপথত খাদ্য বেচি জীৱন নিৰ্বাহ টিভি এংকৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 17, 2022 6:38 pm
Anchor sells food in Afghanistan

তালিবান শাসিত আফগানিস্তানত এতিয়া সংকটৰ জোৱাৰ। কট্টৰ ইছলামিক সংগঠনটোৱে দেশৰ শাসনভাৰ লোৱাৰ পিছতে তীব্ৰ ৰাজনৈতিক অস্থিৰতাৰ সমানে অৰ্থনৈতিক সংকটেও জুৰুলা কৰিছে আফগানিস্তানক। এই ভয়াৱহ অৰ্থনৈতিক সংকটৰ ফলত দেশখনৰ অগণন পেছাদাৰী লোকে নিজৰ জীৱন-জীৱিকা হেৰুৱাই দৰিদ্ৰতাৰ সন্মুখীন হৈছে।

এই অৰ্থনৈতিক সংকটৰ কৰাল গ্ৰাসত ডুব যোৱা আফগানিস্তানৰ পূৰ্বৰ হামিদ কাৰজাই চৰকাৰৰ সৈতে কাম কৰা কবীৰ হকমলৰ শেহতীয়া এক টুইটাৰ পোষ্টে এই ভয়াৱহতাৰ আন এক দৃশ্য উন্মোচন কৰিছে। হকমলে টুইটাৰত এজন আফগান সাংবাদিক মুছা মহম্মদীৰ ফটো শ্বেয়াৰ কৰিছে।

ফটোখনৰ সৈতে হকমলে লিখিছে যে মহম্মদী বহু বছৰ ধৰি মিডিয়া খণ্ডৰ অংশ আছিল। কিন্তু, আফগানিস্তানৰ এনে এক ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত তেওঁ এতিয়া খাদ্য বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

“মুছা মহম্মদীয়ে বিভিন্ন টিভি চেনেলত এংকৰ আৰু প্ৰতিবেদক হিচাপে বহু বছৰ ধৰি কাম কৰিছিল। আৰু এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। আৰু কিছু টকা উপাৰ্জন কৰিবলৈ ষ্ট্ৰীট ফুড বিক্ৰী কৰে। গণৰাজ্যৰ পতনৰ পিছত আফগানিস্তান অভূতপূৰ্ব দৰিদ্ৰতাৰ সন্মুখীন হৈছে।”— হকমলে কয়।

হকমলৰ টুইটটোত প্ৰকাশ পোৱা মহম্মদীৰ কাহিনী এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ আছে। ইফালে এই টুইটটোৱে দেশখনৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক আহমেদুল্লাহ ৱাছিকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৱাছিকে প্ৰাক্তন টিভি এংকৰ আৰু প্ৰতিবেদক মহম্মদীক তেওঁৰ বিভাগত নিযুক্তি দিব বুলি হকমলৰ টুইটাৰ পোষ্টটোৰ প্ৰথি সঁহাৰি জনাই প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা দেশখনত মানৱীয় অধিকাৰে এক কদৰ্য ৰূপ ধাৰণ কৰিছে। ব্যক্তি স্বতন্ত্ৰতাত অবাধ হস্তক্ষেপেৰে তালিবানে কাঢ়ি নিছে দেশখনৰ নাগৰিকৰ অধিকাৰ।

তালিবানৰ আমোলত অৰ্থনৈতিক সংকটে জুৰুলা কৰা দেশখনত নিজৰ জীৱিকা হেৰুৱাইছে জনসাধাৰণে। লগতে সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তালিবানে।

যাৰ ফলত কেইবাজনো সাংবাদিকে, বিশেষকৈ মহিলাসকলে যোৱা কেইমাহমানত চাকৰি হেৰুৱাবলগীয়া লৈছে। এনে সময়ত মহম্মদী এই জীৱিকা হেৰুওৱা

ইতিমধ্যে দেশখনৰ মৃতপ্ৰায় অৰ্থনৈতিক পৰিস্থিতিৰ উমান দি বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ২০২১ চনৰ শেষৰ চাৰি মাহত আফগানিস্তানত জনমূৰি উপাৰ্জন এক তৃতীয়াংশতকৈও অধিক হ্ৰাস হৈছে বুলি সদৰি কৰিছিল।