NORTHEAST NOW (Assamese)
অসম

চামগুৰি তিনিআলিত মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে পথচাৰীক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ June 19, 2022 5:33 pm

চামগুৰি তিনিআলিত অঘটন৷ মন্ত্ৰীৰ কনভয়ৰ খুন্দাত আহত হ’ল কেইবাজনো লোক৷

চামগুৰি হাইস্কুলৰ সন্মুখতে ঘটে এই দুৰ্ঘটনাটো৷ মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে পথচাৰীক।

দুৰ্ঘটনাটোৰ ফলত কনভয় খনৰ চালকসহ আহত কেইবাজনো লোক হোৱাৰ খবৰ পোৱা গৈছে। আজি দুপৰীয়া ঘটে এই অঘটন৷

স্থানীয় ৰাইজৰ সহযোগত সাধাৰণ ভাবে আহতসকলৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনকো সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে।

নিহত লোক জনৰ নাম মণিকণ দাস বুলি জানিব পৰা গৈছে৷ তেওঁৰ ঘৰ ঘৰ চামগুৰিত আছিল।