Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

অহা ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এইকথা জানিবলৈ দিছে।
প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ঘোষণা কৰা অ’ফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব।
ফলাফলবোৰ ahsec.nic.in আৰু resultsassam.nic.in ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।
https://twitter.com/himantabiswa/status/1540528945975529472
এই বছৰ, প্ৰায় ২.৫ লাখ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। যোৱা ১৫ মাৰ্চৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হৈছিল ১২ এপ্ৰিললৈকে চলিছিল।
অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেনেদৰে চাব:
AHSEC-ৰ অফিচিয়েল ৱেবছাইট খুলিব
AHSEC ফলাফল ২০২২ বুলি থকা লিংকটোত ক্লিক কৰিব
প্ৰৱেশ পত্ৰত থকা ৰোল নম্বৰ দিব
ছাবমিট বুটামত ক্লিক কৰিব
অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২২ৰ ফলাফল আপোনাৰ স্ক্ৰীণত প্ৰদৰ্শিত হ’ব।