NORTHEAST NOW (Assamese)
Popular Stories

World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 12:36 pm

World’s costliest number plate গাড়ী এখন ক্ৰয় কৰাৰ পিছত সকলো গাড়ীয়ে এটা পঞ্জীয়ন নম্বৰ পায়। বহুতৰ বাবে এই পঞ্জীয়ন অতি গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়ে, কিছুমান লোকে পছন্দৰ পঞ্জীয়ন নম্বৰ পাবলৈ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলৈকো কুণ্ঠাবোধ নকৰে। আৰটিঅ’য়ে মাজে মাজে বিশেষ সংখ্যাৰ বাবে নিলামৰ আয়োজন কৰে। এই বিশেষ সংখ্যাবোৰ তাত উচ্চ মূল্যত বিক্ৰী কৰা হয়।

কেৱল গাড়ীৰ পঞ্জীয়ন নম্বৰৰ বাবে ৩০ লাখ টকাৰ ব্যয়ৰ বাতৰি ইতিমধ্যে সন্মুখলৈ আহিছে। কিন্তু ইংলেণ্ডত এজন ব্যক্তিয়ে তেওঁৰ গাড়ীৰ নম্বৰ প্লেটৰ বাবে ১৩২ কোটি টকা খৰচ কৰিছে। তেওঁ গাড়ীৰ সন্মুখত F1 লিখিবলৈকে এইটো খৰচ কৰিছে।

লগতে পঢ়ক: Russia-Ukraine war: ইউক্ৰেইনৰ ক্ৰেমেনচুকৰ বিপণন কেন্দ্ৰত ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত ১৬,আহত ৪০

ইংলেণ্ডত পথত F1পঞ্জীয়ন প্লেটৰ চাহিদা আছে। সীমিত সময়ৰ বাবে এই নম্বৰ প্লেটবোৰ বিভিন্ন গাড়ীক দিয়া হয়। মাৰ্চিডিজ-মেকলাৰেন এছএলআৰ, বুগাটি ভেইৰনৰ (Mercedes-McLaren SLR, Bugatti Veyron) দৰে জনপ্ৰিয় বিলাসী গাড়ীত এই নম্বৰ প্লেটখন দেখা গৈছে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গতিৰ খেল হৈছে Formula 1 । এই ৰেচিং খেলটোক সমগ্ৰ বিশ্বতে F1বুলি জনা যায়। ইংলেণ্ডৰ এই পঞ্জীয়ন নম্বৰত F1ৰ বাহিৰে আন কোনো আখৰ বা নম্বৰ ব্যৱহাৰ কৰা নহয়। সেই বাবেই এই নম্বৰ প্লেট দেশখনত অতি জনপ্ৰিয়।

এচেক্স চিটি কাউন্সিলে ১৯০৪ চনৰ পৰা F1পঞ্জীয়ন নম্বৰতো নিজৰ দখলত ৰাখিছে। এই নম্বৰ প্লেটখন প্ৰথমবাৰৰ বাবে ২০০৮ চনত নিলাম কৰা হৈছিল। বৰ্তমান ইংলেণ্ডৰ Kahn Designs ৰ ওচৰতএই নম্বৰ প্লেটখন আছে। তেওঁ তেওঁৰ Bugatti Veyron গাড়ীৰ বাবে ১৩২ কোটি টকাৰ নিলামত এই পঞ্জীয়ন নম্বৰটো ক্ৰয় কৰিছিল। গাড়ীখনৰ মূল্যতকৈ বহুগুণ বেছি খৰচ কৰি এই পঞ্জীয়ন নম্বৰটো কিনিছিল আফজল খানে। উল্লেখ্য যে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল গাড়ীখন হৈছে Bugatti Veyron।

F1 পঞ্জীয়ন নম্বৰৰ ইতিহাসো বৰ আমোদজনক। নম্বৰ প্লেটটো প্ৰথমতে ৪ কোটি টকাত বিক্ৰী হৈছিল। পিছত, এই পঞ্জীয়ন নম্বৰৰ মূল্য ক্ৰমান্বয়ে নিলামত বৃদ্ধি পাইছিল। এই মুহূৰ্তত এইটোৱে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পঞ্জীয়ন প্লেট।

লগতে পঢ়ক: Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

অৱশ্যে, এনে নম্বৰ প্লেট কেৱল ইংলেণ্ডতে নহয়, পৃথিৱীৰ আন দেশৰ পৰাও এনে নম্বৰ প্লেটৰ বাতৰি পোৱা যায়। আবু ধাবিৰ এগৰাকী ভাৰতীয় উদ্যোগপতিয়ে বাহনখনৰ পঞ্জীয়ন নম্বৰ ৬৭ কোটি টকাত ক্ৰয় কৰিছিল। D5 নম্বৰটো সেই গাড়ীখনত ব্যৱহাৰ কৰা হৈছিল। আবু ধাবিৰ আন এখন গাড়ীৰ নম্বৰ প্লেটো ৬৬ কোটি টকাত বিক্ৰী হৈছিল। সেই গাড়ীখনত ‘1’নম্বৰ প্লেট দেখা গৈছিল।