NORTHEAST NOW (Assamese)
দেশ

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2022 12:59 pm
High-speed Aerial Target ‘Abhyas’

উৰিষ্যাৰ চান্দিপুৰত বুধবাৰে দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এক্সপেণ্ডেবল এৰিয়েল টাৰ্গেট’ (HEAT) ‘অভ্যাস’ৰ সফল উৰণ পৰীক্ষণ কৰা হয়। পৰীক্ষামূলক উৰণৰ সময়ত কম উচ্চতাত বিমানখনৰ শক্তি প্ৰদৰ্শন কৰা হয়।

এই এৰিয়েল টাৰ্গেট বিমানখন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ৰ এৰোনটিকেল ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (ADE)ৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে।

‘হাই চাবচনিক’ গতিত দীঘলীয়া সহনশীল উৰণ বজাই ৰাখিবলৈ অভ্যাস নামৰ এই এৰিয়েল টাৰ্গেট বিমানখনক এটা সৰু গেছ টাৰ্বাইন ইঞ্জিনৰ দ্বাৰা চালিত কৰা হয়।

টাৰ্গেট বিমানখনত সঠিকভাৱে পথ নিৰ্ণয়ৰ বাবে মাইক্ৰ’ইলেক্ট্ৰ’মেকানিকেল পদ্ধতিৰ আধাৰত ইনাৰ্চিয়েল নেভিগেশ্বন চিষ্টেম (INS) আৰু নিৰ্দেশনা তথা নিয়ন্ত্ৰণৰ বাবে ফ্লাইট কণ্ট্ৰোল কম্পিউটাৰ (FCC) সংযোগ কৰা হৈছে।

আনহাতে অতি কম উচ্চতাৰ উৰণৰ বাবে বিমানখনত ইণ্ডিজেনাছ ৰেডিঅ’ এলটিমেটাৰ তথা গ্ৰাউণ্ড কণ্ট্ৰোল ষ্টেচন আৰু টাৰ্গেট এয়াৰক্ৰাফ্টৰ মাজত যোগাযোগৰ বাবে ডাটা লিংকৰ সংযোগ কৰা হৈছে।

বাহনখন সম্পূৰ্ণ স্বনিয়ন্ত্ৰিত উৰণৰ বাবে সক্ষম কৰি নিৰ্মাণ কৰা হৈছে।