NORTHEAST NOW (Assamese)
অসম

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 5, 2022 6:48 am

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ শেষত শীৰ্ষ বাচনিৰ পশ্চিম বংগৰ অৰ্পণ দাস, দ্বিতীয় বাচনিৰ বিহাৰৰ আশুতোষ কুমাৰ, তৃতীয় বাচনিৰ বাংলাদেশৰ গিয়াচুদ্দিন আহমেদ, চতুৰ্থ বাচনিৰ বিহাৰৰ কিষান কুমাৰ, মেঘালয়ৰ অমিত চৰফকে ধৰি ২৯ গৰাকী খেলুৱৈয়ে ২ পইণ্টকৈ সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে।

অসমৰ ছাহজাহান আলি, টানিশা এ. আৰ. সোম, প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপ, অভিৰূপ শইকীয়া, অবিনাশ পি গগৈ, জোনমণি গগৈ, প্ৰণিত মালহোত্ৰা, পদ্ম গগৈ, নীলাভজ্যোতি বৰঠাকুৰ আৰু উদ্দীপ্ত গগৈয়েও ২পইণ্টকৈ লাভ কৰি শীৰ্ষ স্থানত আছে।

দ্বিতীয় ৰাউণ্ডৰ খেলত শীৰ্ষ বাচনিৰ অৰ্পণ দাসে অসমৰ নলীনাক্ষ কাশ্যপক পৰাজিত কৰে। দ্বিতীয় বাচনিৰ বিহাৰৰ আশুতোষ কুমাৰে অসমৰ আনিশ গোস্বামীক, তৃতীয় বাছনিৰ বাংলাদেশৰ গিয়াচুদ্দিন আহমেদে অসমৰ আৰোহণক আৰু চতুৰ্থ বাচনিৰ বিহাৰৰ কিষাণ কুমাৰে অসমৰ কৰ্ণাভ পি ডেকাক পৰাজিত কৰে। পঞ্চম বাচনিৰ ৰূপম মুখাৰ্জীয়ে অৰুণাচলৰ অ’চেন চিংধুক আৰু ষষ্ঠ বাচনিৰ নীলাভজ্যোতি বৰঠাকুৰে অসমৰ অভিষেক বৰদলৈক পৰাজিত কৰে।

৮ জুলাইত অন্ত পৰিবলগীয়া দবা প্ৰতিযোগিতা খনি দবা খেলুৱৈ অভিভাৱক সন্থাই আয়োজন কৰিছে। সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘই স্বীকৃতি প্ৰদান কৰা এই প্ৰতিযোগিতা খনত অসমকে ধৰি বাংলাদেশ, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, ত্ৰিপুৰা, নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ড পুৱা ৯-৩০ বজাত আৰু বিয়লি ২-৩০ বজাৰ পৰা পঞ্চম ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷

আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰণৱ কুমাৰ নাথ মুখ্য আৰবিটাৰ উপস্থিত থকা প্ৰতিযোগিতাখনি নিৰ্মল দাস, পান্না আহমেদ (দুয়ো ত্ৰিপুৰা), মণিমালা গগৈ, মণিমালা সিনহা, ৰবিকান্ত তিৱাৰীয়ে পৰিচালনা কৰিছে৷