NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ July 6, 2022 5:52 pm

কলিয়াবৰৰ বেঙেনাআটিত ঘটিছে এক অঘটন ।

শৌচালয়ৰ টেংকীত আবদ্ধ হৈ মৃত্যু দুই শ্ৰমিকৰ মৃত্যু ঘটিছে। নৱ নিৰ্মিত এটা শৌচালয়ৰ ভিতৰৰ চাটাৰিঙৰ টক্তা খুলিবলৈ টেংকীত প্ৰৱেশ কৰোঁতেই অক্সিজেনৰ অভাৱত ঢলি পৰে লোক দুজন।

লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত স্থানীয় লোকৰ লগতে উলুৱনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুই শ্ৰমিকক উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

অৱশ্যে চিকিৎসকে দুই শ্ৰমিককে মৃত ঘোষণা কৰে।

টেংকী নিৰ্মাণত নিয়োজিত দুই শ্ৰমিক ক্ৰমে কাৱৈমাৰীৰ দিলীপ মণ্ডল আৰু উলুৱনীৰ বুবুল বিশ্বাস।

লোক দুজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।