NORTHEAST NOW (Assamese)
অসম

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও July 6, 2022 8:46 pm

বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি বঙাইগাঁৱৰ চাপৰাকাটাত চলোৱা ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজন যুৱকক আটক কৰে ৷

আটকাধীন যুৱকজন অভয়াপুৰী নসত্ৰ খাচপাৰাৰ (পীৰাধৰা) মতলেব আলী (২৪) ৷

আৰক্ষীয়ে আটকাধীন যুৱকজনৰ পৰা এখন নম্বৰ প্লেট বিহীন বাজাজ পালছাৰ মটৰ চাইকেলৰ লগতে পাঁচটা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ পলিথিনিৰ পেকেট থকা ৩৫.৫১ গ্ৰাম পৰিমাণৰ হেৰ’ইন জব্দ কৰে ৷

লগতে পানকাৰ্ড, ভোটাৰ কাৰ্ড, এটিএম কাৰ্ড, মোবাইল হেণ্ডচেট আদিও উদ্ধাৰ কৰে ৷

আনহাতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত খুজৰাপগুৰিৰ ছফিউৰ ৰহমান ( ৪০) নামৰ আন এজন ব্যক্তিকো আটক কৰি বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷