NORTHEAST NOW (Assamese)
চাকৰি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ব্ভাগত কাৰিকৰী সহায়কৰ পদ খালী, কেনেকৈ কৰিব আবেদন ?

Posted by: এন ই নাও নিউজ July 8, 2022 2:20 pm
Assam Career Jobs

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) চুক্তিৰ ভিত্তিত কাৰিকৰী সহায়ক (জিআইএছ) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷

পদৰ নাম : কাৰিকৰী সহায়ক (জি.আই.এছ.)

পদৰ সংখ্যা : ১

অৰ্হতা :

ক) স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ভূগোল / জিঅ’ ইনফৰ্মেটিক্স বা অন্যান্য প্ৰাসঙ্গিক ক্ষেত্ৰত স্নাতক ডিগ্ৰী

ভৌগোলিক তথ্য প্ৰণালী (জি.আই.এছ.) আৰু ছবি প্ৰক্ৰিয়াকৰণ ছফ্টৱেৰ ,যেনে আৰ্কজিআইএছ আৰু ই.আৰ.ডি.এ.এছ. ব্যৱহাৰ কৰাৰ ১ (এক) বছৰৰ ব্যৱহাৰিক অভিজ্ঞতা থকা প্ৰয়োজনীয়৷

Also Read : Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

দৰমহাৰ নিৰিখ: ২২,০০০-৮৭,০০০ টকা, গ্ৰেড পে – ৯,১০০০ টকা

বয়সৰ সীমা : ১জানুৱাৰী ২০২২ তাৰিখত ২১ বছৰৰ তলত আৰু ৪৩ বছৰৰ অধিক হ’ব নালাগিব৷

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে সকলো প্ৰমাণপত্ৰ, মাৰ্কশ্বীট, শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদিৰ প্ৰত্যায়িত প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰ-পত্ৰত তেওঁলোকৰ আবেদন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ), আনুষঙ্গিক খণ্ড-এল (এছ.বি.আইৰ বিপৰীতে) জনতা ভৱন, দিচপুৰ, গুৱাহাটী-৭৮১০০৬  লৈ প্ৰেৰণ কৰিব পাৰে।আবেদনৰ শেষ সময়  ১৮ জুলাই, ২০২২-ৰ আবেলি 3 বজাৰ ভিতৰত৷

বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
http://sdmassam.nic.in/download/vacancy_GIS.pdf

Also Read : Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?