এটা জৰাজীৰ্ণ পথ: সাংসদ, বিধায়কে গুৰুত্ব নিদিয়াত গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰাইজে

শিৱসাগৰ সমষ্টিৰ এটা জৰাজীৰ্ণ পথ। সাংসদ, স্থানীয় বিধায়কে গুৰুত্ব নিদিয়াত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে এই পথটো।
বিজেপিৰ সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক অখিল গগৈক গাওঁবাসীয়ে শীঘ্ৰে পথটো মেৰামতি কৰি দিয়াৰ বাবে অনুৰোধ জনায়। অন্যথা আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে গাঁওবাসীয়ে।

শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বাকচু খেলুৱা গাঁৱৰ দিচাং নদীৰ মথাউৰিৰ পথ এইটো। কোনো এখন চৰকাৰে বহু বছৰ ধৰি এই পথটো নিৰ্মাণ নকৰাত বৰষুণ দিলেই স্থানীয় ৰাইজে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হয়।
পূৰ্বে স্থানীয় বিধায়ক, সাংসদ তথা বিভাগীয় মন্ত্ৰীক বহুবাৰ দিচাং নদীৰ মথাউৰিৰ লগত সংলগ্ন এই পথটো নিৰ্মাণ তথা মেৰামতি কৰিবলৈ আবেদন কৰিছিল যদিও আজিকোপতি কোনো সুফল নাপালে গাঁওবাসীয়ে।
সোয়ে আজি এইদৰে গাঁৱৰ যুৱকসকল ওলাই আহি নিজৰ গাঁঠিৰ ধন ভাঙি বোকাময় মথাউৰিটোত শিলগুটি পোলাই মেৰামতি কৰে।

ইপিনে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বাকচুবাসীৰ এই সমস্যা সমাধানত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজে।