NORTHEAST NOW (Assamese)
Popular Stories

JEE Main Session 1 Result: প্ৰকাশ পালে JEE Main পৰীক্ষাৰ ফলাফল; কেনেদৰে চাব ফলাফল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2022 11:16 am

JEE Main পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। কালিলৈকে ফলাফল প্ৰকাশৰ বিষয়ে জল্পনা-কল্পনা চলি থকাৰ পিছতো পৰীক্ষাৰ আয়োজক নেচনেল টেষ্টিং এজেন্সিৰ (এনটিএ) পৰা কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাছিল। এইটোৱে পৰীক্ষাৰ্থীসকলৰ উদ্বেগ বৃদ্ধি কৰিছিল।

ইয়াৰ আগেয়ে JEE Main ৰ ‘আনছাৰ কী’ মুকলি হোৱাৰ পিছত ভৱা হৈছিল যে ফলাফল যোৱা সপ্তাহতে হয়তো প্ৰকাশ পাব। কিন্তু সেয়াও হোৱা নাছিল।

তাৰ পিছত আজি ৰাতিপুৱাই এনটিএৰ দ্বাৰা এই পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে।

JEE Main Session 1 Result কেনেদৰে পৰীক্ষা কৰিব?

> নেচনেল টেষ্টিং এজেন্সিৰ (এনটিএ) অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in ত যাওক।

> হোমপেজত ‘JEE Main Result 2022’ লিংকত ক্লিক কৰক।

> প্ৰয়োজনীয় তথ্য দি লগইন কৰিব লাগিব।

> আপোনাৰ স্ক্ৰীণত JEE Main Session 1 Result দেখুৱাব।

> ফলাফল ডাউনলোড কৰক আৰু ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰিণ্ট আউট উলিয়াই ৰাখক।

JEE Main পৰীক্ষা ২৪ জুনৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত হৈছিল। তাৰ পিছত প্ৰথমতে ‘আনছাৰ কী’ প্ৰকাশ হৈছিল। ইফালে, JEE Main Session 2-ৰ বাবে পঞ্জীয়ন লিংক পুনৰ মুকলি কৰা হয়। লিংকটো শনিবাৰলৈকে খোলা আছিল। এই পৰীক্ষা ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব।