NORTHEAST NOW (Assamese)
অসম

কাছাৰৰ জনপ্ৰিয় উপায়ুক্ত কীৰ্তি জাল্লিক কামৰূপ গ্ৰাম্যলৈ বদলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2022 8:17 am
Keerthi Jalli

শেহতীয়া কিছুদিন পূৰ্বে ব্যাপকভাৱে জনপ্ৰিয়তা অৰ্জন কৰা কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জাল্লিক মঙলবাৰে বদলি কৰি কামৰূপ গ্ৰাম্য নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

নিজৰ সহজ-সৰল জীৱন প্ৰণালী আৰু কৰ্মৰাজিৰ বাবে শেহতীয়াকৈ যথেষ্ট প্ৰশংসা বুটলিছিল প্ৰশাসনিক বিষয়া গৰাকীয়ে।

কোনো ভিআইপি নীতিৰ সুবিধা গ্ৰহণ নকৰাকৈ নিজৰ কৰ্তব্য ৰূপায়ণ কৰা বাবে কীৰ্তি জাল্লি সকলোৰে প্ৰিয় হৈ উঠিছিল।

আনকি বানপানীৰ সময়তো কোনো অস্বস্তি নোহোৱাকৈয়ে বোকা আৰু লেতেৰা পানীত নামি নিজৰ প্ৰশাসনিক ক্ষেত্ৰৰ অন্তৰ্গত এলেকা সমূহত গৈ পৰিস্থিতিৰ বুজ লৈছিল উপায়ুক্ত গৰাকীয়ে।

সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে জাল্লিৰ এই সৰলতাক প্ৰশংসা কৰি তেওঁক এগৰাকী প্ৰকৃত ৰাজহুৱা সেৱক হিচাপে অভিহিত কৰিছিল।

উল্লেখ্য যে জাল্লিক চলিত বৰ্ষৰ মে’ মাহত কাছাৰৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

১৯৮৯ চনত তেলেংগানাৰ ৱাৰাংগলত জন্ম গ্ৰহণ কৰা জাল্লিয়ে ২৩ বছৰ বয়সত এজন আইএএছ বিষয়া হিচাপে যোগদান কৰিছিল। ২০১২ চনত জাল্লিয়ে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

জাল্লিৰ লগতে আন কেইবাগৰাকীও উপায়ুক্তক মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বদলি কৰা হৈছে।