NORTHEAST NOW (Assamese)
Popular Stories

Bollywood rumours: বলীউদত ভিৰ কৰিছে ভাল খৱৰে; আলিয়া ভাটৰ পিছত এইবাৰ ভাল খৱৰ দিব কেটৰিনা কাইফে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2022 3:55 pm

Bollywood rumours মাতৃ হ’বলৈ গৈ আছে আলিয়া ভাট।কেইদিনমান পূৰ্বে নি়জেই এই কথা ঘোষণা কৰি ছ’চিয়েল মিডিয়াত শিৰোনামা দখল কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

এইবাৰ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে কেটৰিনা কাইফ। আলিয়াৰ পিছত কেটৰিনা কাইফো এইবাৰ মাতৃ হ’বলৈ গৈ আছে। গতিকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী। ৰাজহুৱা স্থানতো তেওঁক বেছি দেখা নাযায়। এই ধৰণৰ কথা অনুমান কৰিছে নেটিজেনবাসীয়ে।

কোনো কোনোৱে আকৌ কেটৰিনা কাইফক স্বামী বিকি কৌশলৰ সৈতে বিবাহৰ পিছত গৰ্ভৱতী হোৱা দেখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীক অলপ ঢিলা সাজ-পোছাকত দেখাৰ ইচ্ছাও প্ৰকাশ কৰিছে কোনো কোনোৱে।

কেটৰিনাৰ গোপনীয়তাক লৈ একাংশই উষ্মতা প্ৰকাশ কৰিছে। তেওঁলোকে ভাবে আলিয়াৰ দৰেই কেটৰিনাইও নিজৰ গৰ্ভাৱস্থাৰ কথা ঘোষণা কৰি দিয়া উচিত। ইমানদিনে কিয় লাইমলাইটত নাই কেটৰিনা? সেই প্ৰশ্নও উত্থাপন হৈছে।

যোৱা ১৪ এপ্ৰিলত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল। বলীউডৰ তাৰকা দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়। ৰণবীৰৰ বাসগৃহত দুয়োগৰাকীয়ে একেলগে জীৱন যাত্ৰা আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি লৈছিল। তাৰ পাছতে দুমাহৰ ভিতৰতে আলিয়াই নিজৰ গৰ্ভধাৰণৰ বিষয়ে সকলোকে অৱগত কৰিছিল।

উল্লেখ্য যে আলিয়া-ৰণবীৰৰ আগতেই বিকি-কেটৰিনাৰ বিবাহ সম্পন্ন হৈছিল। ২০২১ৰ ৯ ডিচেম্বৰত দুয়ো বিবাহপাশত আবদ্ধ হয়। এটা সময়ত ৰণবীৰ কাপুৰৰ প্ৰেমত পৰিছিল কেটৰিনা। সেই সময়ত তেওঁ আলিয়াৰ ভাল বন্ধুও আছিল। কিন্তু সময়ৰ লগে লগে সম্পৰ্কৰ সমীকৰণ সলনি হৈ যায়। কেটৰিনাই এতিয়া ভিকিৰ সৈতে সুখৰ সংসাৰত গঢ়িছে। কিন্তু আলিয়াৰ ঘোষণাৰ পিছতে এতিয়া ভাল খৱৰৰ বাবে নেটিজেনৰ লক্ষ্য হৈ পৰিছে কেটৰিনা।