NORTHEAST NOW (Assamese)
অসম

বিভক্ত হ’ল পূৰ্বাঞ্চল টাই সাহিত্য সভা! পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাম কাজত ক্ষুন্ন একাংশ প্ৰতিনিধি

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 17, 2022 4:18 pm

Purbanchal Tai Sahitya Sabha divides বিভক্ত হ’ল পূৰ্বাঞ্চল টাই সাহিত্য সভা! পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাম কাজত ক্ষুন্ন হৈ পৰিছে একাংশ প্ৰতিনিধি। যাৰ বাবে যোৱা জুন মাহৰ ২২ তাৰিখে মৰাণত ৯ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিক গঠন কৰা হয়  টাই সাহিত্য সভা, আসামৰ।

টাই সাহিত্য সভা আসামৰ শিৱসাগৰ জিলাৰ তদৰ্থ সমিতি গঠনৰ উদ্দেশ্য আজি শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিস্থিত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰত এখনি প্ৰতিনিধি সভা গঠন কৰা হয়। 

পূৰ্ণ বৰুৱাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই সভাৰ উদ্দেশ্য ব্যাখা কৰে ড০ বিপুল গগৈয়ে।

ফটো: নৰ্থইষ্ট নাও।

টাই সাহিত্য সভাৰ ২৫ জনীয়া আহ্বায়ক সমিতিৰ আহ্বানত অনুষ্ঠিত এই প্ৰতিনিধি সভাত ড০ জীতেন বৰপাত্ৰগোঁহাই, তোলন বেজবৰুৱা আৰু ৰাজীৱ ফুকনক লৈ তিনিজনীয়া সভাপতি মণ্ডলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা।

উল্লেখ্য যে চাৰিমাহৰ পূৰ্বে লক্ষীমপুৰত অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ অধিৱেশনৰ আয়োজক সমিতিৰ কামকাজত ক্ষুন্ন হয় একাংশ প্ৰতিনিধি।

তেওঁলোকে অভিযোগ কৰে যে উক্ত অধিৱেশনত টাই ভাষা আৰু সংস্কৃতি প্ৰচাৰ আৰু বিকাশৰ বাবে কোনো আলোচনাই কৰা নহ’ল। লগতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ অবৈধ আৰু অসাংবিধানিক বুলি আখ্যা দিয়ে একাংশ প্ৰতিনিধিয়ে।

ফটো: নৰ্থইষ্ট নাও।

যাৰ বাবেই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ পৰা আঁতৰি আহি ২২ জুনত মৰাণত ৯ খন জিলাৰ প্ৰতিনিধি লগলাগি নতুনকৈ টাই সাহিত্য সভা, আসাম গঠন কৰে।