NORTHEAST NOW (Assamese)
অৰুণাচল

ইটানগৰক স্মাৰ্ট চিটি কৰাত গুৰুত্ব মন্ত্ৰী ৰেবিয়াৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 1:22 pm

 

ইটানগৰক স্মাৰ্ট চিটিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ লৈ অৰুণাচলৰ নগৰ আৰু উন্নয়ন মন্ত্ৰী নাবাম ৰেবিয়াই যোৱা সোমবাৰে গৃহ আৰু নগৰ পৰিকল্পনাৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) হৰ্দিপ সিঙক তেওঁৰ কাৰ্যালয়ত গৈ লগ ধৰে। উক্ত বৈঠকত ৰেবিয়াই ৰাজ্য মন্ত্ৰী গৰাকীক ইটানগৰক স্মাৰ্ট চিটিৰ তালিকাত চামিল কৰিবলৈ জোৰ দিয়ে। তেওঁ কয় যে স্মাৰ্ট চিটিত অন্তৰ্ভুক্তিয়ে  ইটানগৰবাসীক বিভিন্ন প্ৰকাৰে উপকৃত কৰিব। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূব নগৰ উন্নয়নৰ অধীনত দাখিল হোৱা আঁচনি সমূহৰ ক্ষেত্ৰত আন বিকল্প উৎসৰ পৰা পুঁজি বিচাৰি উলিওয়াৰ চেষ্টা কৰা হ’ব বুলি ৰেডিয়াক আশ্বাস দিয়ে। আলোচনাটোতে অৰুণাচল নগৰ উন্নয়ন মন্ত্ৰী ৰেবিয়াই  তেওঁক অৰুণাচল প্ৰদেশলৈ নিমন্ত্ৰণ জনায়। ৰেবিয়াৰ লগত উক্ত আলোচনাত অৰুণাচলৰ নগৰ উন্নয়ন সচিব সঞ্জীৱ জৈন, সঞ্চালক এ মৰাং আৰু অতিৰিক্ত গৃহ আয়ুক্ত সংগীত ডুবে আদিয়েও অংশ গ্ৰহণ কৰে।