NORTHEAST NOW (Assamese)
অসম

পৰ্বতঝোৰাৰ টিপকাইত আদিবাসী মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ July 24, 2022 6:08 pm

বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিপকাই অঞ্চলৰ অতি ভিতৰুৱা পাহাৰীয়া অঞ্চল বেঙাইঝোৰাৰ এজনী আদিবাসী নিৰহ মহিলাক কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ পৰ্বতঝোৰাত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে।

আজি উক্ত ঘটনাৰ খবৰ পাই বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোতিষ দাস আৰু টিপকাই উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সাধন সৰকাৰ ঘটনা স্থলীত উপস্থিত হৈ মৃত দেহ উদ্ধাৰ কৰি বগৰীবাৰী আৰক্ষী থানালৈ অনা বুলি জানিব পৰা গৈছে।