NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 27, 2022 10:56 am
Ardhendu Kumar Dey

তৰুণ গগৈ চৰকাৰৰ সময়ত মন্ত্ৰীত্ব পদত থকা জেষ্ঠ ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ৰ যোৱা নিশা মৃত্যু হয়।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰীগৰাকী গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

নিশা ১:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বয়োজেষ্ঠ নেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অৰ্ধেন্দু কুমাৰ দে’ৰ বয়স আছিল ৮৪ বছৰ।

ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত দে’ ১৯৯১ চনত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০০৬ চনলৈকে হোজাই সমষ্টিৰ বিধায়ক হৈ আছিল দে’।

দীৰ্ঘসময় কংগ্ৰেছত ৰাজনৈতিক জীৱন অতিবাহিত কৰাৰ পিছত ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰিছিল।