NORTHEAST NOW (Assamese)
অসম

ঢেঁকীয়াজুলিত এবছুৰ ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 1:02 pm

দীৰ্ঘদিন ধৰি পঞ্চায়তীৰাজৰ পৰা বি টি এ ডি অঞ্চলৰ বহুকেইখন গাওঁ বঞ্চিত হৈ আছে। সংবিধানৰ ২৪৩ নং অনুচ্ছেদত উল্লেখ থকা অনুসৰি সকলোবোৰ গাওঁ পঞ্চায়তীৰাজৰ অন্তৰ্ভুক্ত হ’ব লাগে। সেয়ে আজি এবছুৰ শোণিতপুৰ জিলা কমিটীয়ে ১২ ঘণ্টীয়া অনশন কাৰ্য্যসুচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে বৰ্তমানো পঞ্চায়তীৰাজৰ অধীনলৈ নহা ঢেকীয়াজুলিৰ  ৪৮৯ খন গাঁৱক এই পক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা এই অনশন কাৰ্য্যসূচী হাতত লোৱা হৈছে। জানিব পৰা মতে এই অনশন কাৰ্য্যসূচী সন্ধ্যা ৫ বজালৈকে চলি থাকিব। আনহাতে এই গাওঁসমূহৰ লোকসকল যাতে সমতাৰ ভিত্তিত জীয়াই থাকিব পাৰে আৰু ৰাজনৈতিক-অৰ্থৈতিক ন্যায়ৰ পৰা বঞ্চিত নহয় সেই দাবী উত্থাপন কৰি অহা পঞ্চায়ত নিৰ্বাচনৰ আগতে এই সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰক  আহ্বান জনায়। অনথ্যা ছাত্ৰ সংগঠনটোৱে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ লগতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।