NORTHEAST NOW (Assamese)
দেশ

পাত্ৰ চাওল কেলেংকাৰী: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক ৪ আগষ্টলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2022 8:46 pm
Sanjay Raut

মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক পাত্ৰ চাওল কেলেংকাৰীৰ গোচৰত ৪ আগষ্টলৈকে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ(ইডি) জিম্মালৈ প্ৰেৰণ কৰিছে।

আদালতে এই আদেশ প্ৰদান কৰি শিৱসেনাৰ নেতাগৰাকীক গোচৰটোৰ সন্দৰ্ভত সোধপোচৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক ৪ দিনৰ জিম্মা যথেষ্ট হ’ব বুলি মন্তব্য কৰে।

আনহাতে সঞ্জয় ৰাউটক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক মুণ্ডাৰ্গীয়ে ৰাউটৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰি এয়া এক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিযোগ কৰিছে।

উল্লেখ্য যে দেওবাৰে পুৱা ইডিৰ এটা দলে ৰাউটৰ মুম্বাইস্থিত ঘৰত দিনজোৰা তালাচী চলাইছিল। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁৰ ঘৰৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰিছিল।

তালাচীৰ পিছত কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটক আটক কৰিছিল আৰু তেওঁক মুম্বাই কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। কেইবা ঘণ্টাৰ সোধা-পোছাৰ পিছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অৱশেষত ৰাউটক গ্ৰেপ্তাৰ কৰিছিল।