NORTHEAST NOW (Assamese)
অসম

পুনৰ আৰম্ভ আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ, বহু সৈনিক নিহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 4, 2022 12:16 pm
armenia-azerbaijan-war

নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ ২৭ ছেপ্তেম্বৰৰ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত লগা যুদ্ধৰ প্ৰায় দুবছৰৰ পিছত আকৌ উত্তপ্ত হৈ পৰিছে দেশ দুখনৰ সীমান্ত।

যোৱা নিশা আৰ্টচাকৰ ৰাজধানী স্তেপানকাৰ্টত আজাৰবাইজানে দুটাকৈ মিছাইল নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে।

২০২০ চনৰ যুদ্ধত ৫০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছিল।

২০২০ চনত হোৱা শান্তিচুক্তিৰ পিছত ৰাছিয়াৰ শান্তিৰক্ষী বাহিনীয়ে বিবদমান অঞ্চলত নিৰপেক্ষ বাহিনী হিচাবে আছিল যদিও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত সেই স্থানত ৰাছিয়াৰ সেনাৰ সক্ৰিয়তা কমি গৈছে।

ফলত আৰ্মেনিয়া-আজাৰবাইজানে পুনৰ যুদ্ধত লিপ্ত হৈ পৰিছে। ।  ৪,৪০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলটো আৰ্মেনিয়াৰ বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণত আছে।

আজাৰবাইজানৰ সীমাত থকা সেই স্থান দখলৰ বাবে আজাৰবাইজানৰ সেনাই পুনৰ যুদ্ধ আৰম্ভ কৰিছে। ২০২০ চনত আমেৰিকাৰ নেতৃত্বত উক্ত স্থানলৈ শান্তি ঘূৰি আহিছিল।

কিন্তু সেই শান্তি প্ৰায় দুবছৰহে স্থায়ী হ’ল। আমেৰিকাই আৰ্মেনিয়া-আজাৰবাইজানক যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাই আজি এক বিবৃতি প্ৰকাশ কৰিছে।

অৱশ্যে আমেৰিকাৰ কথালৈ কেৰেপ কৰা নাই আৰ্মেনিয়া-আজাৰবাইজানৰ সেনাই। সেয়ে গোলা-বাৰুদে পুনৰ উত্তপ্ত কৰি তুলিছে আৰ্মেনিয়া-আজাৰবাইজানৰ সীমান্ত ।