NORTHEAST NOW (Assamese)
অসম

কা আন্দোলন কৰি কোনোবাই চাকৰি, কোনোবাই ঠিকা লোৱা বুলি কটাক্ষ ভৱেশ কলিতাৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 4, 2022 8:30 pm

“অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ’ব। আমি নিদিষ্ট পৰিকল্পনা কৰিছোঁ। কা আন্দোলন কৰা সকলে কৰি যাব, আমি আমাৰ কাম কৰিম।‘’ শিৱসাগৰত এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ।

কা আন্দোলন কৰি কোনোবাই চাকৰি, কোনোবাই ঠিকা লোৱা বুলিও কটাক্ষ ভৱেশ কলিতাৰ।

ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয়, ‘’আকৌ কা আন্দোলন কৰি ৰাজহুৱা সম্পত্তি নষ্ট কৰিব পাৰিব, সময় নষ্ট কৰিব পাৰিব, তাৰ বাহিৰে একো কৰিব নোৱাৰে।‘’

লগতে পঢ়ক: পুনৰ আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট; তদন্ত নহ’লে বিজেপি বৰ্জন কাৰ্যসূচীৰ হুংকাৰ

বৰ্তমান অসমৰ ৰাইজ বিজেপি লগত থকা বুলিও দাবী কৰে ভৱেশ কলিতাই।

ইপিনে, অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতি ৰাজ্যিক বিজেপিৰ পূৰ্ণ সমৰ্থন থকা বুলি স্পষ্ট কৰি দিয়ে কলিতাই।

উল্লেখযোগ্য যে আজি বিজেপিৰ শিৱসাগৰ জিলা কাৰ্যালয়ত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

লগতে পঢ়ক: জেহাদীৰ বিৰুদ্ধে অভিযানৰ নামত মুছলমানৰ বিৰুদ্ধে চলোৱা হৈছে অপপ্ৰচাৰ: অভিযোগ অখিল গগৈৰ

বৈঠকত  ভৱেশ কলিতাৰ উপৰিও শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, সুভাষ দত্ত উপস্থিত থাকে।