NORTHEAST NOW (Assamese)
অসম

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী August 7, 2022 6:51 pm

মানুহ এজনেই তথা কন্ঠও একেটাই; বিত্ত মন্ত্ৰী হৈ থকা সময় বনাম মুখ্যমন্ত্ৰী হৈ থকা সময়। পাৰ্থক্য ক’ত সেয়া জানিবলৈ সম্পূৰ্ণকৈ পঢ়িব লাগিব এই প্ৰতিবেদন।

প্ৰাথমিক শিক্ষা প্ৰসাৰৰ বাবে ২০১৭ চনত লোৱা এটা সিদ্ধান্তৰ ক্ষেত্ৰত এতিয়া ওলোটা খৰ মাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

“মুখ্যমন্ত্ৰী কথাৰ মানুহ নে কামৰ মানুহ?” এই প্ৰশ্নৰ অৱতাৰণা এইবাবেই কৰিছো কিয়নো সেয়া আছিল ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰী। পুৱা ১০:৩০ বজাৰ পৰা সদনত পুৰ্ণাংগ বাজেট দাখিল কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। য’ত মুখ্যমন্ত্ৰীয়ে নিজেই স্পষ্ট কৰিছিল যে প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যাৰ জৰিয়তে এখন আইন আনি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ স্থানীয় ভাষাক গুৰুত্ব প্ৰদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তেতিয়া বিত্ত মন্ত্ৰী হৈ থকা সময়ৰ এইখন ২০১৭-১৮ বৰ্ষৰ বাজেটত কি লিখিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই? ভালদৰে মন কৰক বাজেটখনৰ ৫৭ নম্বৰ পৃষ্ঠাত লিখা আছে আনুষ্ঠানিক শিক্ষা গ্ৰহনত স্থানীয় ভাষা বা মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত বহু চিন্তাচৰ্চা কৰা হৈছে । আনহাতে গৱেষনাৰ তথ্যই আজি স্পষ্ট কৰি দিছে যে মাতৃভাষাৰ জৰিয়তে গ্ৰহন কৰা শিক্ষাহে ফলপ্ৰসু শিক্ষা । আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষনৰ বেলিকাও মাতৃভাষা ব্যৱহাৰৰ গুৰুত্ব অপৰিসীম । সেয়েহে আমাৰ ৰাজ্যখনৰ ৰাজহুৱা ; চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়তে অষ্টম শ্ৰেনী পৰ্যন্ত সকলো ছাত্ৰ-ছাত্ৰীয়ে স্থানীয় ভাষা বাধ্যতামূলক শিকাতো নিশ্চিত কৰিবলৈ এক বিধেয়ক উত্থাপন কৰিবলৈ বিচৰা হৈছে।

কিন্তু এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে “কাৰ চাপত নিজৰ এই স্থিতি সলালে ড০ শৰ্মাই?
ওলোটা খৰ মৰাত ড০ ৰ শৰ্মাৰ আছে অন্য এক নাম ;তাৰেই বহিঃ প্ৰকাশ কেবিনেটৰ এটা সিদ্ধান্ত?
শিক্ষা ব্যৱস্থাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোৱা এটা সিদ্ধান্ত বিত্ত মন্ত্ৰী হিচাপে লোৱা সিদ্ধান্তৰ পৰিপন্থী। যিজন হিমন্ত বিশ্ব শৰ্মাই অষ্টম শ্ৰেণীলৈকে মাতৃভাষা বা স্থানীয় ভাষাক প্ৰধান্য দিয়াৰ কথা ঘোষণা কৰিছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে আকৌ ইংৰাজী ভাষাৰ মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় পাঠদান দিবলৈ ওলাইছে। কি কাৰণত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত ল’ লে তাৰো কাৰণ বাখ্যা কৰিলে সততে নিজৰ স্থিতি সলোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সততে স্থিতি সলোৱা শৰ্মাৰ মতে সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন দেখুৱাবৰ বাবেহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম অসমীয়া কৰিছে।

ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে যি সিদ্ধান্ত ল’লে সেয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰো পৰিপন্থী । পূৰ্বতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ স্থানীয় বা মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ কথা কোৱা আৰু কেইবছৰমান পাছত কেবিনেটত লোৱা ওলোটা সিদ্ধান্ততে পৰিস্ফুত এজন ব্যক্তিৰ স্ব-বিৰোধী স্থিতি।