NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ August 8, 2022 8:41 pm
Wild Elephant

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ হৈ থকা এজনী বনৰীয়া হাতীয়ে।

কেলিডেনৰ লক্ষীবস্তিৰ এটা হোলাত আবদ্ধ হৈ আছিল প্ৰাপ্তবয়স্ক মাইকী হাতীজনী।

দুদিন ধৰি হোলাৰ বোকাত পৰি থকাৰ পিছত আজি কৰুণ মৃত্যুক সাবটিলে হাতীজনীয়ে।

উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত পৰি আছিল হাতীজনী।

বনবিভাগে হাতীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও সফল নহ’ল।

বাৰ্ধক্যজনিত কাৰণতে প্ৰায় ৪৫ বছৰীয়া হাতীজনীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগে।

হাতীজনীৰ মৃত্যুৱে অঞ্চলটোত এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে কষ্টকৰ মৃত্যুৱে চকু সেমেকাই তুলিছে অঞ্চলবাসী ৰাইজৰ।