NORTHEAST NOW (Assamese)
অসম

শ্বহীদ পুত্ৰৰ স্মৃতি বুকুঁত সাৱটি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি এহাল বৃদ্ধ দম্পতিৰ

Posted by: নীলমনি শর্মা, কৃষ্ণাই Updated by: নীলমনি শর্মা, কৃষ্ণাই August 14, 2022 11:19 am

সমগ্ৰ দেশতে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনত ব্যস্ত দেশবাসী ৷ তাৰ মাজতে বিগত ৫ টা বছৰে নীৰৱে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে এহাল বৃদ্ধ দাম্পতীয়ে ৷

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দুই পিতৃ-মাতৃয়ে নিজ সন্তান তথা বীৰ শ্বহীদ গৰাকীৰ শ্বহীদ বেদীটো চাফচিকুণ, পৰিস্কাৰ কৰে আৰু ত্ৰিৰংগা পতাকা উত্তোলন কৰে।

উল্লেখ্য যে, গোৱালপাৰাৰ কৃষ্ণাইৰ নিকটৱৰ্তী ভেলাখামাৰ গাঁৱৰ ডেকা মহিবুল ইছলামে দেশ মাতৃৰ সেৱা আগবঢ়োৱাৰ বাবে ওলাই গৈছিল আৰু যোগ দিছিল অৰ্ধসামৰিক বাহিনী CRPF ত ৷

ফটো: নৰ্থইষ্ট নাও।

২০০৩ চনত চাকৰিত যোগদান কৰাৰ পিছতে মণিপুৰৰ ইম্ফলত কৰ্তব্য পালনৰ বাবে মহিবুল নিয়োজিত হৈছিল ৷ কিন্তু ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণ শ্বহীদ হয় মহিবুল।

লগতে পঢ়ক: Independence Day: আঁৰৰ কাহিনী! পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে?

সেই বোমা বিস্ফোৰণ ইমানে ভয়ংকৰ আছিল যে মহিবুলৰ দেহ ছিন্ন-ভিন্ন হৈ পৰিছিল ৷ হাতত থকা আঙুঠিৰ সহায়তহে পৰিয়ালে মহিবুলক চিনাক্ত কৰিছিল ৷

নিজ সন্তানক দেশ মাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বৃদ্ধ পিতৃ-মাতৃ আজিও পুত্ৰক লৈ গৌৰাৱাম্বিত ৷

ফটো: নৰ্থইষ্ট নাও।

নিজ সন্তানৰ লগতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ স্মৃতিত স্বাধীনতা দিৱসৰ এদিন পূৰ্বে নিৰৱে দুই বৃদ্ধ দম্পতিয়ে পুত্ৰৰ স্মৃতিত CRPF য়ে গাঁৱখনৰ বিদ্যালয় চৌহদত স্থাপন কৰা শ্বহীদ বেদীটোৰ কাষৰ ঘাঁহ-বন উভালি চাফচিকুণ কৰিছে আৰু ধূলিৰে লেতেৰা হৈ থকা বেদীটো পানীৰে ধুই পৰিস্কাৰ কৰে ৷

লগতে পঢ়ক: Independence Day: ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত; জানেনে এই ইতিহাস?

 এই শ্বহীদ বেদীতে কাইলৈ অৰ্থাৎ স্বাধীনতা দিৱসৰ ৰাতিপুৱাই বীৰ শ্বহীদ পুত্ৰৰ স্মৃতিত আৰু পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ত্ৰিৰংগা উত্তোলন কৰিব মহিবুলৰ বৃদ্ধ পিতৃ-মাতৃয়ে ৷