NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ কবিতা

Posted by: প্ৰভাত ভাগৱতী Updated by: প্ৰভাত ভাগৱতী August 15, 2022 6:37 pm

                                      স্বাধীনতাৰ আহ্বান

ভাঙিদে,চিঙিদে,মুক্ত কৰি দে
লৌহ শিকলি পৰাধীনতাৰ,
তেতিয়াহে লভিব তৃপ্তি হিয়াত
পৰাধীন ভাৰততে শ্বহীদ হোৱা
লক্ষ্য লক্ষ্য অতৃপ্ত আত্মাৰ।

ওফৰাই দে অত্যাচাৰ,উৎপীড়ন
নিৰ্যাতন আৰু কুটিল নিষ্পেষণ,
উত্তপ্ত ৰুধিৰ্‌ উথলি উঠক
বাজক কলিজাত এটাই গান
বন্দে মাতৰম্‌ বন্দে মাতৰম্‌ ।

মুক্ত কৰ আই ভাৰতীক
ঘুৰাই আনি হৃত স্বাভিমান,
গৰ্বেৰে উৰক ত্ৰিৰঙ্গ পতাকা
মানৱ সভ্যতাৰ কৰি জয় গান,
নিনাদিত কৰ বিশ্ব আকাশ, জিন্দাবাদ হিন্দুস্থান।

সপোনবোৰ আমাৰ সপোন হৈয়ে ৰ’ল,
স্বাধীনতাৰ ৭৫ বছৰ যদিওৱা হ’ল,
কুসংস্কাৰ,বিদেশীৰ ভুল নীতি
এতিয়াও দেখো আঁতৰি নগ’ল
ইংৰাজৰ সলনি অন্যান্য শত্ৰুৰে দেশখন ভৰি গ’ল ।

যা আগুৱাই,আগুৱাই যা
ভাৰতৰ মহান সেনানী দল,
বাহিৰে ভিতৰে শত্ৰুৱে তোৰ
সাজিছে কুটিল ৰণাঙ্গন
স্বদেশ প্ৰেমৰ বন্তি জ্বলাই সকলোবোৰ কৰ নিবাৰণ ।

    (কবিৰ ফোনঃ ৬০০২৮০৪১৬১)