NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ডত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত অসম ৰাইফলছৰ দুই জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2022 7:54 pm
Nagaland

আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতে নাগালেণ্ডৰ মন জিলাত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত হৈছে অসম ৰাইফলছৰ দুজন জোৱান। আজি পুৱতি নিশা মন জিলাৰ নিয়াচা গাঁৱত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

বিদ্ৰোহী গোটৰ সদস্যই চলোৱা গুলীচালনাত আছাম ৰাইফলছৰ দুই জোৱানৰ শৰীৰত গুলী লাগে। গুলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই জোৱানক যোৰহাটৰ এখন সামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছিল।

আহত দুই জোৱানৰ এজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ আঁৰত নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন-কে-ৱাইএ জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটবোৰৰ কূটাঘাতৰ আশংকাত ৰাজ্যখনৰ স্পৰ্শকাতৰ এলেকাসমূহত অসম ৰাইফলছৰ সেনা মোতায়েন কৰা হৈছে।