NORTHEAST NOW (Assamese)
দেশ

আনুষ্ঠানিকতা ৰক্ষা: আজি বিধানসভাত শক্তি প্ৰমাণ কৰিব নীতিশ কুমাৰ- তেজস্বী যাদৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2022 12:34 pm
Bihar govt majority test

বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আৰু অন্যান্য দলৰ সহযোগত নতুন চৰকাৰ গঠন কৰা নীতিশ কুমাৰে আজি তেওঁৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব।

অৱশ্যে মাত্ৰ আনুষ্ঠানিকতা ৰক্ষাৰ বাবেহে নীতিশ কুমাৰে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দাঙি ধৰিব। ২৪৩ জনীয়া সদস্যৰ বিহাৰ বিধানসভাত ইতিমধ্যে নীতিশ কুমাৰৰ ওচৰত ১৬৪ গৰাকী বিধায়কৰে সমৰ্থন আছে।

বিহাৰ বিধানসভাত বৰ্তমান ২৪১ গৰাকী বিধায়ক আছে। এনে পৰিস্থিতিত সংখ্যাগৰিষ্ঠতাৰ বাবে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱক মাথো ১২১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল।

ইতিমধ্যে বিজেপি বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিজয় কুমাৰ সিনহাই কিছু সময় পূৰ্বে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। নতুন মিত্ৰজোঁট চৰকাৰে এতিয়া প্ৰবীণ আৰজেডি নেতা অৱধ বিহাৰী চৌধুৰীক নতুন অধ্যক্ষ হিচাপে মনোনীত কৰিব পাৰি বুলি চৰ্চা চলিছে।

উল্লেখ্য যে ইতিপূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ মন্ত্ৰীসভা গঠন কৰিছিল। কেবিনেটৰ ৩১ গৰাকী মন্ত্ৰীৰ ভিতৰত আৰজেডিৰ সৰ্বাধিক ১৬ গৰাকীক মন্ত্ৰীত্ব পদ দিয়াৰ বিপৰীতে নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ৰ ১১ গৰাকীক দিয়া হৈছিল মন্ত্ৰীত্ব।

আনহাতে দুগৰাকী কংগ্ৰেছ নেতা, জিতন ৰাম মাঁঝিৰ হিন্দুস্তানী আৱাম মৰ্চাৰ এগৰাকী নেতা আৰু নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিঙেও ইতিমধ্যে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।

বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ এদিন পিছতে নীতিশ কুমাৰে ১০ আগষ্টত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আনহাতে একেদিনাই সহযোগী দল আৰজেডিৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

ইফালে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে সাজু হোৱাৰ সময়তে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- ৰ তালাচী চলিছে ৰাষ্ট্ৰীয় জনতা দলৰ দুজন জ্যেষ্ঠ নেতাৰ ঘৰত।

ইউপিএ চৰকাৰৰ সময়ত ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত চাকৰিৰ বাবে ভূমি সংগ্ৰহৰ যি অনিয়মৰ অভিযোগ উত্থাপন হৈছিল, সেই গোচৰ সন্দৰ্ভতে চিবিআই- এ আৰজেডি নেতা দুগৰাকীৰ গৃহত অভিযান চলাইছে।

আৰজেডিৰ সাংসদ মনোজ ঝাই চিবিআইৰ এই তালাচী অভিযান বিজেপিৰ নিৰ্দেশতে চলোৱা হৈছে বুলি অভিযোগ কৰিছে। এক বিবৃতিত তেওঁ কয় যে এয়া ইডি বা চিবিআইৰ অভিযান বুলি কোৱাটো অৰ্থহীন, এয়া বিজেপিৰ অভিযান।

কেন্দ্ৰীয় তদন্ত সংস্থাকেইটাই এতিয়া বিজেপিৰ অধীনত কাম কৰে আৰু এই সংস্থাসমূহৰ কাৰ্যালয় বিজেপিৰ সিদ্ধান্ত মতেই পৰিচালিত হয় বুলি অভিযোগ কৰে আৰজেডিৰ নেতাগৰাকীয়ে।