NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজলিল শিৱসাগৰৰ খেলুৱৈ; লাভ কৰিলে কেইবাটাও পদক

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 27, 2022 3:07 pm

নতুন দিল্লীৰ তালকোটাৰা ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় এ আই কে এফ প্ৰেচিডেন্ট কাপ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলি উঠিল শিৱসাগৰৰ কেইবাগৰাকী খেলুৱৈ।

উক্ত প্ৰতিযোগিতাত দেবাংগ শইকীয়া আৰু পেণ্টান গগৈয়ে ব্লেক বেল্ট লাভ কৰাৰ উপৰিও ৫৫ কেজি শাখাত দেবাংগ শইকীয়া আৰু অৰিন্দম বুঢ়াগোহাঁয়ে কুমেটেত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান

প্ৰতিযোগিতাত কাটা আৰু কুমেটে এই দুটা শাখাতে পেণ্টান গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰা উপৰিও ১২-১৩ বছৰ বয়সৰ শাখাত যীচু দিহিঙীয়া আৰু সুৰুজ বৰাই ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

খেলুৱৈ সকলৰ এনে কৃতিত্বত প্ৰশিক্ষক প্ৰণৱ কুমাৰ দাসে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে।