NORTHEAST NOW (Assamese)
অসম

গুগলে প্লে ষ্টোৰৰ পৰা আঁতৰ কৰিলে ২০০০ টা ব্যক্তিগত ঋণ এপ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 27, 2022 8:48 pm

দেশৰ বহু লোকক প্ৰতাৰণা কৰা বহু ভুৱা এপ বন্ধ কৰি দিলে গুগলে।শেহতীয়াকৈ গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা প্ৰায় ২০০০ টা ব্যক্তিগত ঋণ এপ আঁতৰাই দিছে। গুগলে প্ৰকাশ কৰা মতে ২০০০ এপেৰ ভিতৰত ঋণ দিয়া এপৰ সংখ্যা আধাতকৈও বেছি।

 এনে এপ আঁতৰ কৰাৰ কথা গুগলে চিন্তা কৰি আছিল। ভুৱা এপবোৰৰ জৰিয়তে দুষ্ট চক্ৰই মানুহক ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগতে তেনে এপসমূহ বন্ধ কৰি দিয়া হৈছে বুলি গুগলে প্ৰকাশ কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ঋণ লওঁতাসকলক ব্লেকমেইল আৰু প্ৰতাৰণা কৰাৰ অভিযোগ পোৱাৰ পিছতে অনিয়ন্ত্ৰিত ঋণ প্ৰদানৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ বাবে এক নিৰ্দেশনা দিছিল।

ইয়াৰ পিছতে গুগলে ভাৰতত ঋণ দিয়া এপবোৰৰ সৰহ সংখ্যকেই বন্ধ কৰাৰ বিষয়ত মনোনিৱেশ কৰে।গুগল এছিয়াৰ জ্যেষ্ঠ সঞ্চালক আৰু ন্যাস আৰু সুৰক্ষাৰ মুৰব্বী চৈকত মিত্ৰই কয় যে এনে এপবোৰে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিছে, সেয়েহে কোম্পানীটোৱে সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছিল। মিত্ৰই লগতে প্ৰকাশ কৰে যে যেতিয়া এপবোৰ গুগল প্লে ষ্টোৰত আপলোড কৰা হয়, সেইবোৰ পুনৰীক্ষণ কৰা হয়, কিন্তু ঋণ এপৰ ক্ষেত্ৰত বহুতো অপৰাধমূলক কাৰ্যকলাপৰ তথ্য পোৱা গৈছিল।

কিছুমান ব্যক্তিগত ঋণ এপৰ দ্বাৰা ঋণ গ্ৰহণ কৰি বহু লোক প্ৰতাৰিত হোৱা বুলিও তেওঁ কয়। মিত্ৰই লগতে কয় যে ভাৰতত বৰ্তমান চৰকাৰৰ দ্বাৰা অনুমোদিত এপৰ অভাৱ আছে। ক্ষতিহীন যেন লগা ঋণ এপবোৰেও ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকা সৃষ্টি কৰিব পাৰে। অৱশ্যে, তেওঁ ব্যক্তিগত ঋণ দিয়া এপৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞাৰ পক্ষপাতী নহয় বুলিও কয়। তেওঁ কয় যে কিছুমান ভাল এপো আছে।  তেওঁ সকলোকে সতৰ্কতাৰে এপ ব্যৱহাৰৰ আহ্বান জনায়।