NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশৰ ’মোদী-ফাইড ডিএনএ’ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে আজাদে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 29, 2022 8:48 pm

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতা গুলাম নবী আজাদে আজি কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশক এক বিশেষ মন্তব্যৰ বাবে উভতি ধৰে। ৰমেশে আজাদৰ ডিএনএ সন্দৰ্ভত এটা ব্যঙ্গাত্মক মন্তব্য কৰিছিল আৰু কৈছিল যে প্ৰাক্তন কংগ্ৰেছ নেতাজনৰ ডিএনএ “মোডী-ফাইড” আছিল। এনে মন্তব্যৰ জৰিয়তে আজাদৰ সৈতে মোদীৰ যে গোপন সম্পৰ্ক আছিল সেয়াই ৰমেশে বুজাব বিচাৰিছিল।

ৰমেশে টুইটত লিখিছিল, “কংগ্ৰেছ নেতৃত্বই সৰ্বাধিক সন্মান কৰা এজন ব্যক্তিয়ে দলটোৰ সৈতে বিশ্বাসঘাতকতা কৰিছে ,এই কথাই তেওঁৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ কৰে। জিএনএ-ৰ ডিএনএ মোডী-ফাইড কৰা হৈছে।” এই সন্দৰ্ভত গুলাম নবী আজাদে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “যিজন ব্যক্তিয়ে মোৰ ডিএনএৰ বিষয়ে কৈ আছে, তেওঁৰ ডিএনএ কি? তেওঁ কেৱল মোৰ বিৰুদ্ধে কাহিনী ৰচিবলৈ আহিছে? তেওঁ ৰাজ্যসভাত বহি বিজেপিলৈ স্লিপ প্ৰেৰণ কৰিছিল… আজি তেওঁ মোৰ বিষয়ে কৈ আছে, ডিএনএকলৈ।”

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কেইদিনমান পিছত গুলাম নবী আজাদে অভিযোগ কৰিছে যে তেওঁক দল ত্যাগ কৰিবলৈ ‘বাধ্য’ কৰা হৈছিল। আজাদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মানৱতা দেখুওৱাৰ’ বাবে প্ৰশংসাও কৰে। সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আজাদে কয় ” কংগ্ৰেছে দলটোৰ নেতাসকলক সন্মান নকৰে আৰু “দললৈ আমাৰ অৱদানৰ বিষয়ে মানুহক জানিবলৈ নিদিয়ে “।

প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি তেওঁ কয়, “মই বুজি পাইছিলো যে মোদী এজন অপৰিশোধিত ব্যক্তি, কিয়নো তেওঁ বিবাহিত নহয়, সন্তান নাই কিন্তু মই মুখ্যমন্ত্ৰী হৈ থাকোতে গুজৰাটী পৰ্যটকৰ সৈতে সংঘটিত ঘটনা সন্দৰ্ভত সংসদত কথা কোৱাৰ সময়ত তেওঁ নিজৰ মানৱীয় দিশটো দেখুৱাইছিল।”

আজাদে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে তেওঁ বিজেপিত যোগদান নকৰে। কাশ্মীৰৰ ৰাজনীতিত বিজেপিয়ে তেওঁক একো সহায় কৰিব নোৱাৰে বুলিও আজাদে কয়। আজাদে লগতে এই বুলিও কয় যে কাশ্মীৰত তেওঁ এটা নতুন দল গঠন কৰিব।