NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত দ’ খাৱৈত বাগৰি দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ; আহত কেইবাজনো যাত্ৰী

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 30, 2022 12:57 pm

পুৱতি নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন নৈশ বাছ। গেমন দলঙৰ সমীপৰ দ’ খাৱৈত বাগৰি পৰে নৈশ বাছখন।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS 01 MC 0917। গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল “তনুছ” নামৰ বাছখন।

দুৰ্ঘটনাটোত মহিলাসহ দহ গৰাকীৰো অধিক যাত্ৰী আহত হৈছে।

আহত সকলৰ ৮ গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ফটো: নৰ্থইষ্ট নাও।

আহত সকলৰ নাম উদেস্না ভৰালী (২১), ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), চাহিদুৰ আলি (২৫)।

ইপিনে, চালকে সুৰা পান কৰি বাছ চলোৱাৰ অভিযোগ উঠিছে। দুৰ্ঘটনাৰ পিছতেই  চালকে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।