NORTHEAST NOW (Assamese)
ক্ৰীড়া

পৰাস্ত বাইচুং: সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত কল্যাণ চৌবে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2022 5:25 pm
AIFF New president Kalyan Chaubey

দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটাই আজি নিৰ্বাচিত হ’ল সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সমিতি। দেশৰ সৰ্বোচ্চ ফুটবল সংস্থাটোৰ ৮৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰাক্তন ফুটবলাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ শীৰ্ষ পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবেয়ে ভাৰতীয় ফুটবলৰ কিংবদন্তি ভাইচুং ভূটীয়াক পৰাস্ত কৰে।

মোহন বাগান আৰু ইষ্ট বেংগলৰ প্ৰাক্তন গ’লৰক্ষক ৪৫ বছৰীয়া চৌবে নিৰ্বাচনত ৩৩-১ ভোটৰ ব্যৱধানত জয়ী হৈ এ আই এফ এফ- ৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয়।

ৰাজ্যিক সংগঠনৰ প্ৰতিনিধিৰে গঠিত ৩৪ জনীয়া ভোটাৰৰ মাত্ৰ এগৰাকীৰহে ভোট লাভ কৰে ভূটীয়াই। নিৰ্বাচনত বাইচুং ভূটীয়াই নিজ ৰাজ্য ছিকিমৰ ৰাজ্যিক ফুটবল সংস্থাৰো সমৰ্থন লাভত বিফল হয়।

উল্লেখ্য যে নৱনিযুক্ত সভাপতি কল্যাণ চৌবে বৰ্তমান এগৰাকী বিজেপি নেতা। বিগত সংসদীয় নিৰ্বাচনত চৌবেই পশ্চিম বংগৰ কৃষ্ণনগৰ আসনৰ পৰা প্ৰতিদ্বন্দীতা কৰিছিল যদিও পৰাস্ত হৈছিল।

ভাৰতীয় ক্লাৱ ফুটবলৰ দুই জনপ্ৰিয় ক্লাৱ মোহন বাগান আৰু ইষ্ট বেংগলৰ প্ৰাক্তন গ’লৰক্ষক চৌবেই অৱশ্যে ভাৰতৰ জাতীয় দলৰ হৈ আন্ত:ৰাষ্ট্ৰীয় মেচত অংশ লোৱাৰ সুযোগ পোৱা নাছিল।