NORTHEAST NOW (Assamese)
দেশ

গংগা নদীত শোকাৱহ নাও দুৰ্ঘটনা: পাঁচ শিশুসহ সাত যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2022 8:19 pm
Boat capsizes in Ganga

উত্তৰ প্ৰদেশৰ গংগা নদীত সংঘটিত এক শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু হৈছে পাঁচ শিশুসহ সাতগৰাকী লোকৰ। বুধবাৰে গংগা নদীৰ বুকুত ডুব যোৱা এখন নাৱৰ যাত্ৰী আছিল মৃত লোককেইগৰাকী।

বুধবাৰে সন্ধিয়া ২৪ গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া নাওখন গংগা নদীত ডুবি গৈছিল। আটাইকেইগৰাকী যাত্ৰী সাপ্তাহিক বজাৰৰ পৰা নাৱত উঠি উভতি যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় ৰিওটিপুৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই জানিবলৈ দিছিল।

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষীৰ এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছিল আৰু স্থানীয় লোকৰ সহায়ত ১৭ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছিল।

আনহাতে ৭ জন লোকৰ সন্ধান ওলোৱাত বিফল হৈছিল উদ্ধাৰকাৰী দলটো। অৱশ্যে পিছত প্ৰশিক্ষিত ডুবাৰুৰ দলে চলোৱা উদ্ধাৰ অভিযানত নাগিনা পাছোৱান নামৰ এগৰাকী বৃদ্ধ আৰু বিশাখাৰ গৌৰ নামৰ আন এগৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি আজি সন্ধ্যা কুমাৰ (৬), অনিতা পাছৱান (১০), আলিছা যাদৱ (৫), খুশাল যাদৱ (১০) আৰু সত্যম (১২) নামৰ পাঁচটি শিশুৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰা হয়।

আটাইকেইগৰাকী মৃত ব্যক্তিৰ পৰিয়াললৈ জিলা প্ৰশাসনে দুৰ্যোগ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে।