NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ দুখন প্ৰাথমিক বিদ্যালয়লৈ ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় স্বচ্ছ বিদ্যালয় বঁটা

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 4:17 pm

চৰকাৰী শিক্ষা খণ্ডৰ দুৰ্দিনৰ দিনতে বাক্সা জিলাৰ শিক্ষাখণ্ডলৈ আহিছে এক সু-খবৰ। জানিব পৰাম মতে জিলাখনৰ দুখন বিদ্যালয় ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা আগ বঢ়োৱা ৰাষ্ট্ৰীয় স্বচ্ছ বিদ্যালয় বঁটা ২০১৭ আঁজুৰি আনিবলৈ সক্ষম হৈছে। টিহু-বৰমা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত আলাগাজাৰ প্ৰাথমিক বিদ্যালয় আৰু বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় দুখনক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে বুলি কালজাৰ মণ্ডল সমল কেন্দ্ৰৰ মণ্ডল সমন্বয়ক অমিত শৰ্মাই আমাক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে অতি শীঘ্ৰে মহাৰাষ্ট্ৰৰ পৰা এটা সঁজাতী দল আহি বিদ্যালয় দুখন পৰ্যৱেক্ষণ কৰিব। পৰ্যৱেক্ষণৰ পিছত ৰাষ্ট্ৰীয়ভাৱে বিদ্যালয় দুখনক ৰাষ্ট্ৰীয় স্বচ্ছ বিদ্যালয় ২০১৭ বঁটাৰে পুৰস্কৃত কৰিব। এই সু-খবৰে এতিয়া বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ বাক্সাবাসীক উৎফুল্ল কৰিছে।