NORTHEAST NOW (Assamese)
জীৱনশৈলী

Uric Acid: ইউৰিক এচিড কি হয় আপোনালোকে জানেনে? যদি নাজানে তেনেহ’লে জানি লওক ইউৰিক এচিড হ’লে কি হয়

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী September 9, 2022 5:58 pm
Uric Acid

ইউৰিক এচিড হৈছে আমাৰ তেজত থকা এক ৰাসায়নিক পদাৰ্থ। যি স্তৰ বৃদ্ধি হোৱাৰ লগে লগে গাউট বা আৰ্থ্ৰাইটিছৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ বৃদ্ধিৰ ফলত হাত-ভৰি ফুলি উঠাৰ লগতে বিষৰ সমস্যাও হয়। দৰাচলতে, যেতিয়া শৰীৰৰ গাঁঠিত যথেষ্ট পৰিমাণৰ ইউৰেট স্ফটিক গোট খায়, ই বিষ সৃষ্টি কৰে।

কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?

বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা হ’ল ইউৰিক এচিড বৃদ্ধি। কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰণি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে।

আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে৷ অৰ্থাৎ দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে।

আমাৰ দেহত পটাছিয়াম, ছড়িয়াম কার্বনেট, বা এলকালিন অর্থাত ইলেক্ট্রো লাইটৰ ভাৰসাম্য ৰক্ষাত ইউৰিক এচিদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ তেজত এই ইউৰিক এচিদ খুব কম পৰিমাণে থাকে, যি সাধাৰণতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিডৰিণ নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়।

ই আমাৰ দেহৰ এক ধৰণৰ তন্ত্রিক উপাদান। আমি খোৱাৰ খাদ্য পৰা পৰিপাক ক্ৰিয়াৰ জৰিয়তে আমাৰ দেহে প্রয়োজনীয় পোষণ গ্ৰহণ কৰা অন্তত বাকী থকা অপ্ৰয়োজনীয়খিনি মল, মূত্র, ঘাম, শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়।

ইউৰিক এচিদ নির্দিষ্ট পৰিমাণতকৈ বেছি হ’লে আমাৰ দেহে তাক অপসাৰণ বা বাহিৰ কৰি দেহত ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি থাকে। আমি দৈনন্দিন গ্রহণ কৰা খাদ্য কিছুমানত পিউৰিণ নামৰ পদাৰ্থ থাকে আৰু এইবোৰ বিপাকৰ অন্তত আমাৰ ৰক্তত মিশ্ৰিত হৈ কিডনিত প্রৱেশ কৰে আৰু কিডনিয়ে ইয়াক বাহিৰ কৰে।

যকৃতত উৎপন্ন হোৱা অতিৰিক্ত ইউৰিক এছিড কিডনিয়ে প্ৰস্ৰাৱৰ জৰীয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যদি আমি অত্যাধিক মাত্রাত পিডৰিণ যুক্ত খাদ্য খাওঁ, তেতিয়া আমাৰ দেহত ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।

অতিমাত্ৰা ইউৰিক এচিডে আমাৰ দেহত কি কি ক্ষতি কৰে জানেনে?

মাত্রাধিক ইউৰিক এছিডে আমাৰ দেহত অভ্যন্তৰীণ বিভিন্ন অংগৰ ক্ষতি কৰিব পাৰে৷ বিশেষকৈ কিডনিত দীর্ঘদিন ধৰি জমা হলে কিডনি পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়। ফলত কিডনীয়ে সঠিক ভাৱে কাম নকৰে আৰু প্রধাৱৰ দ্বাৰা ইউৰিক এচিড ও অন্যান্য বৰ্জিত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ হব নোৱাৰে।

কিডনিৰ কার্য ক্ষমতা নষ্ট হৈ কিডনি বিকল হব পাৰে। ইয়াৰ ওপৰিও বৰ্দ্ধিত ইউৰিক এচিড শৰীৰৰ বিভিন্ন অস্থি সন্ধী সমূহত জমা হয়। অস্থি সন্ধি সমূহত ক্রিটেন গঠন হয় আৰু সন্ধি সমূহ ৰঙা পৰি ফুলি ধোৱাৰ লগতে অত্যাধিক বিষ হ’বলৈ আৰম্ভ কৰে।

ইয়াৰ ফলত আক্রান্ত ৰোগীৰ দৈনন্দিন কাম কাজৰ লগতে চলা ফুৰা কৰাতো অসুবিধাৰ সৃষ্টি হ’ব পাৰে। এই ৰোগক গাউট বুলিও কোৱা হয়। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়।

কি কি খাদ্যৰ দ্বাৰা ইউৰিক এচিড বাঢ়ে জানো আহক:

১) ৰঙা মাংস: গৰু, ছাগলী, গাহৰীৰ মাংস আৰু কলিজা, মাছৰ কণী ইত্যাদি যদি বেছিকৈ খোৱা হয় তেনেহ’লে ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাবনা বৃদ্ধি হয়।

২) শাক পাচলি: পিউৰিণ সমৃদ্ধ শাক-পাচলি, বীজ জাতীয় খাদ্য যেনে বিভিন্ন প্ৰকাৰৰ দাইল, বীজ, মাচৰোম, পালেং শাক, চীম, লেচেৰা মাহ, ফলৰ ভিতৰত আম, কঠাল, খেত্ৰৰ, কিচমিচ, তাল ইত্যাদি।

৩)চেনি: অতিৰিক্ত চেনি খালেও ইউৰিক এচিড বৃদ্ধি হব পাৰে।

ইউৰিক এচিড কাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে জানেনে?

১) কেঞ্চাৰ ৰোগী: কেঞ্চাৰ ৰোগী সকলৰো ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

২) সময়মতে খাদ্য গ্ৰহণ নকৰিলে ইউৰিক এচিড বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা থাকে।

ও) মেদবহুল ব্যক্তিৰ ইউৰিক এচিড বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি থাকে।