NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত জব্দ ৩ কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য: তিনিগৰাকীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2022 6:48 pm

ড্ৰাগছ বিৰোধী এক সফল অভিযানত আজি কাৰ্বি আংলং জিলাত জব্দ হৈছে প্ৰায় ৩ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী। কাৰ্বি আংলং জিলাৰ নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজান অঞ্চলত আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলৰ তালাচী অভিযানত এই বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যখিনি জব্দ হৈছে।

অভিযানকাৰী দলটোৱে মণিপুৰৰ পৰা অহা এখন বাহনৰ পৰা ৮৬০ কিলোগ্ৰাম গাঞ্জা আৰু ৪০.০৭ গ্ৰাম হেৰোইন জব্দ কৰে।

এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৮০ টা পেকেটত লুকুৱাই অনা হৈছিল। আনহাতে তিনিটা চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই অনা হৈছিল হেৰ’ইনখিনি।

এই নিষিদ্ধ দ্ৰব্য সমূহৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জব্দকৃত দ্যব্যখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩ কোটি টকাৰ অধিক হ’ব বুলি অনুমান কৰিছে।

ইফালে দিনটোৰ আন এক অভিযানতো অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৰ ওচৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে।

মুঠ ১১০৮ কিলোগ্ৰাম ওজনৰ গাঞ্জাখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় ২ কোটি টকাৰ অধিক বুলি অনুমান কৰা হৈছে।