NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অসম কেবিনেটৰ অনুমোদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 4:25 pm
Girijananda Chowdhury University

অসম চৰকাৰে আজি অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭ৰ অধীনত আনুষ্ঠানিকভাৱে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্ৰীমন্ত শংকৰ একাডেমী (SSA) চ’ছাইটিৰ পৃষ্ঠপোষকতাত এই নতুন গিৰিজনন্দা চৌধুৰী বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।

বিশ্ববিদ্যালয়খনৰ মুখ্য চৌহদ গুৱাহাটী মহানগৰৰ কাষৰীয়া অঞ্চল আজাৰাত স্থাপন কৰাৰ বিপৰীতে আৰু তেজপুৰত এটা শাখা স্থাপন কৰা হ’ব। নতুন বিশ্ববিদ্যালয়খনৰ অধীনত একাধিক শাখা আৰু বিষয় সামৰি এক গুণগত শৈক্ষিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লক্ষ্য হিচাপে লোৱা হৈছে।

কেবিনেটৰ অনুমোদন লাভ কৰাৰ পিছতে শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ সম্পাদক বিজয়ানন্দ চৌধুৰীয়ে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰ একাডেমী (SSA) চ’ছাইটিৰ পৃষ্ঠপোষকতাতে উচ্চশিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি.আই.এম.টি.) আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চাইন্স (জি.আই.পি.এছ.) পৰিচালিত হয়।

২০০৬ চনৰ ৭ ছেপ্টেম্বৰত অসমৰ প্ৰথম বেচৰকাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান হিচাপে স্থাপিত হোৱা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন’লজী আৰু ২০০৭ চনত প্ৰতিষ্ঠা হোৱা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চাইন্স- এ উচ্চ কাৰিকৰী শিক্ষা আৰু পেছাদাৰী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূবতে এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে।