NORTHEAST NOW (Assamese)
দেশ

ৰীতি-নীতিৰ অজুহাতত কিশোৰী অৱস্থাৰ পৰাই ধাৰাবাহিক ধৰ্ষণ যুৱতীক: গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভু গডমেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 5:35 pm
Godman Rapes Woman

ধৰ্মৰ প্ৰতি থকা মানুহৰ স্বভাৱজাত ভীতিৰ সুযোগ লৈ দেশত স্বঘোষিত ধৰ্মগুৰুৰ দ্বাৰা হোৱা ধৰ্ষণ তথা অপকৰ্মৰ বহু উদাহৰণ দেশত আছে। ধৰ্ষণৰ অভিযোগত কাৰাগাৰত এতিয়াও দিন কটাই আছে দেশৰ বহু এনে স্বয়ম্ভু গডমেন।

শেহতীয়াকৈ পোহৰলৈ অহা এনে এক স্বঘোষিত গডমেনে দীৰ্ঘদিনে ধাৰাবাহিকভাৱে এগৰাকী যুৱতীৰ ওপৰত চলাই অহা নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইত।

নিজকে ঐশ্বৰিক ক্ষমতাৱান ব্যক্তি হিচাপে পৰিচয় দি এইগৰাকী দুৰ্বৃত্তই ২০১৯ চনৰ পৰাই ধৰ্ষণ কৰি আহিছে এগৰাকী যুৱতীক। শেহতীয়াকৈ এনে অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ অহা যুৱতীগৰাকীয়ে এই কথা প্ৰকাশ কৰাৰ পাছতে গ্ৰেপ্তাৰ হৈছে এই দুৰ্বৃত্ত ‘গডমেন’।

স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ৫৮ বছৰীয়া স্বঘোষিত গডমেন সুৰেশ কুমাৰ ৰবীন্দ্ৰ নাৰায়ণ অৱস্থি ঐশ্বৰিক গুণৰ অধিকাৰী বুলি কিছু পৰিচিত লোকে চিনাকি কৰাই দিয়াৰ পিছত ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ সংস্পৰ্শলৈ আহে।

ইয়াৰ পিছতে ভণ্ড গডমেন অৱস্থিয়ে সুযোগ বুজি ২০১৯ চনৰ পৰা কেইবাবাৰো যুৱতীগৰাকীক ধৰ্ষণ কৰি আহিছে। সেই সময়ত যুৱতীগৰাকী কিশোৰী অৱস্থাত আছিল আৰু অৱস্থিয়ে কিশোৰীগৰাকীৰ আপত্তিজনক ফটো তুলি ইণ্টাৰনেটত এই ফটোবোৰ ভাইৰেল কৰাৰ ভাবুকি দি যৌন আতিশয্য অব্যাহত ৰাখিছিল।

তিনিবছৰ ধৰি এনেদৰে ধৰ্ষণৰ বলি হৈ অহাৰ পিছত অৱশেষত যুৱতীগৰাকীয়ে শেহতীয়াকৈ অভিভাৱকক এই নিৰ্যাতনৰ বিষয়ে অৱগত কৰে। এই চাঞ্চল্যকৰ অভিযোগৰ পিছতে পৰিয়ালটো আৰক্ষীৰ কাষ চাপে।

পৰিয়ালটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত অৱস্থিক গ্ৰেপ্তাৰ কৰে। ভণ্ড গডমেন গৰাকীৰ বিপক্ষে ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত ধৰ্ষণ আৰু অন্যান্য অপৰাধৰ অভিযোগত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।