NORTHEAST NOW (Assamese)
অসম

ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ ভলীবল প্ৰতিযোগিতা, বৰপেটা জিলা দল বিজয়ী

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও September 15, 2022 1:47 pm

বঙাইগাঁও জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত আৰু বৰ্ষণগাঁও ক্ৰীড়া সন্থাৰ সহযোগত বঙাইগাঁৱৰ বৰ্ষণগাঁৱত থকা চিলাৰায় ষ্টেডিয়ামত ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ অধীনত এক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ অন্তৰ্গত নামনি অসমৰ সাত নং জ’নৰ অধীনৰ মুঠ চাৰি খন জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, চিৰাং আৰু বাস্কা জিলাৰ ছোৱালীৰ ভলীবল দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ৷ পুৱা জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত মগেন নৰহে এই প্ৰতিযোগিতা খনৰ খেলৰ শুভাৰম্ভ কৰে ৷

প্ৰতিযোগিতাত যিটো দলে চূড়ান্ত খেলত জয়ী হয় সেই দলটোৱে গুৱাহাটীৰ সৰুসজাইত হ’ব লগা ইন্টাৰ জ’নৰ ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ খেলত অংশ ল’ব বুলি জানিব দিয়ে জিলা ক্ৰীড়া বিষয়া খগেন চন্দ্ৰ নাথে ৷

প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত বৰপেটা ছোৱালী দলে বঙাইগাঁও ছোৱালী দলক ২- ০ গলত পৰাজিত কৰি বিজয়ী হোৱাৰ লগতে গুৱাহাটীত হ’বলগীয়া খেলৰ বাবে বাচনি কৰা হয় ৷