NORTHEAST NOW (Assamese)
অসম

গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত পদপিষ্ট হৈ ৯ জন নিহত; আহত কমেও ২০জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2022 8:52 am

stampede at a concert in Guatemala গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত সংঘটিত এক পদপিষ্টৰ ঘটনাত ৯ জন লোক নিহত হৈছে। ঘটনাটোত কমেও ২০ জন আহত হয়। বৃহস্পতিবাৰে পুৱতি নিশা কুৱেটজালটেনাংগো চহৰত সংগীতানুষ্ঠানটো অনুষ্ঠিত হৈছিল।

বাতৰি অনুসৰি, সংগীতানুষ্ঠানৰ শেষত হাজাৰ হাজাৰ লোকে একেলগে ওলাই যাবলৈ চেষ্টা কৰিছিল। সেই সময়ত খুন্দিয়াখুন্দি আৰু লৰাঢপৰাৰ বাবে বহুলোক পদপিষ্ট হোৱাৰ ফলত এইদৰে লোকসকল হতাহত হয়।

লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

উদ্ধাৰকাৰীসকলে এটা টুইটত কৈছে যে গুয়াতেমালা ৰেড ক্ৰছ আৰু উদ্ধাৰকাৰী স্বেচ্ছাসেৱকসকলে ঘটনাস্থলীৰ পৰা ৯টা মৃতদেহ আৰু ২০ জন আহত লোকক উদ্ধাৰ কৰিছে।

ফটো: সংগৃহিত।

এগৰাকী প্ৰত্যক্ষদৰ্শী নেন্সি কুয়েমীয়ে কয় যে হাজাৰ হাজাৰ লোকে সংগীতানুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। বৰষুণৰ কাৰণে তাত যথেষ্ট বোকা হৈছিল। সেইকাৰণে মানুহে সন্তুলন ৰখাব নোৱাৰি পৰি যোৱা বুলি তেওঁ ধাৰণা কৰে।

উল্লেখ্য যে ১৮২১ চনৰ ১৫ ছেপ্টেম্বৰত গুয়াতেমালাই স্পেইনৰ ঔপনিবেশীসকলক উৎখাত কৰি স্বাধীনতা লাভ কৰিছিল।