NORTHEAST NOW (Assamese)
Popular Stories

ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2022 7:54 am

চীনা প্ৰতিনিধিসকলক ৰাণী দ্বিতীয় এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয়! আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। ৰাণীৰ মৃতদেহ এতিয়া ব্ৰিটিছ সংসদৰ ৱেষ্টমিনষ্টাৰ হলত আছে। ৰাণীক সোমবাৰে ৱেষ্টমিনষ্টাৰ এবেট সমাধিস্থ কৰা হ’ব।

বাতৰি অনুসৰি, কূটনৈতিক উত্তেজনাৰ বাবে লণ্ডনে বেইজিঙক এই কঠোৰবাৰ্তা প্ৰদান কৰিছে। কেইদিনমান পূৰ্বে লণ্ডনে জিনজিয়াং প্ৰদেশত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰিছিল। তাত আইন প্ৰণেতাসকলে উইঘুৰ মুছলমানসকলৰ ওপৰত জিনপিং প্ৰশাসনৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল।

ইপিনে, বেইজিঙে একাংশ ব্ৰিটিছ কূটনীতিবিদৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত চীনা প্ৰতিনিধিসকলক এক কঠোৰ বাৰ্তা প্ৰদান কৰা হৈছে।

বাতৰি মতে, ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউচ অৱ কমন্সৰ অধ্যক্ষৰ আপত্তিৰ বাবে চীনা প্ৰতিনিধিসকলক ৱেষ্টমিনষ্টাৰ হললৈ যাবলৈ অনুমতি দিয়া নহয়।

আনহাতে, ব্ৰিটেইনৰ অধ্যক্ষৰ কাৰ্যালয়ে এই বিষয়ত মুখ খুলিবলৈ অনিচ্ছুক। ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ এগৰাকী মুখপাত্ৰই কয় যে বাকিংহাম পেলেচে চূড়ান্ত অতিথিৰ তালিকা প্ৰস্তুত কৰিব। আনকি বৈদেশিক কাৰ্যালয়ে এখন তালিকা দিলেও তেওঁলোকেহে চূড়ান্ত সিদ্ধান্ত ল’ব।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কয়, “এই সন্দৰ্ভত আমাৰ ওচৰত কোনো তথ্য নাই। অৱশ্যে আয়োজক হিচাপে ব্ৰিটেইনে কূটনৈতিক নিয়ম অনুসৰি অতিথিসকলক সন্মান জনাব।”

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃতদেহ যোৱা বুধবাৰে সন্ধিয়া ৱেষ্টমিনষ্টাৰ হললৈ অনা হৈছিল। তাতেই নাগৰিকসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। কফিনৰ প্ৰতিটো দিশত ৰাজপৰিয়ালৰ দায়িত্বত থকা সৈনিকসকলৰ নজৰত আছে। সোমবাৰে অন্তিম সংস্কাৰৰ পূৰ্বে জনসাধাৰণে সন্ধিয়া ৬-৩০ বজালৈকে ৰাণীক শেষ শ্ৰদ্ধা জনাব পাৰিব। সেইদিনাই ৱেষ্টমিনষ্টাৰ এবেট তেওঁৰ স্বামী ফিলিপৰ কাষত সমাধিস্থ কৰা হ’ব।