NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইন যুদ্ধৰ মাজতে আৰু দুই প্ৰাক্তন ছোভিয়েট ভূখণ্ডত চলিছে সংঘৰ্ষ; নিহত কমেও ১০০ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2022 2:23 pm

Kyrgyzstan-Tajikistan border clashes ইউক্ৰেইনৰ পিছত প্ৰাক্তন ছোভিয়েট ভূখণ্ডত আকৌ যুদ্ধৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এইবাৰ যুদ্ধত জড়িত হৈ পৰিছে কিৰ্গিজস্তান আৰু তাজিকিস্তান। দুয়োখন দেশৰ মাজৰ সীমান্ত সংঘৰ্ষত এতিয়ালৈকে কমেও ১০০ জন লোক নিহত হৈছে।  আহত হৈছে আন বহুতো। ইপিনে, দুয়োখন দেশৰ মাজত হোৱা যুঁজ বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাছিয়া।

বাতৰি অনুসৰি, বুধবাৰে মধ্য এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ সেনাবাহিনীৰ মাজত সীমান্ত সংঘৰ্ষ আৰম্ভ হয়। শুকুৰবাৰে ৰাছিয়াৰ মধ্যস্থতাত সাময়িক যুদ্ধবিৰতি হয় যদিও দেওবাৰে পুনৰ যুঁজ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে। দুয়োপক্ষই সংঘৰ্ষৰ বাবে ইটোৱে সিটো পক্ষক দোষাৰোপ কৰিছে।

তাজিকিস্তানে দাবী কৰিছে যে সংঘৰ্ষত ইয়াৰ ৩৫ জন নাগৰিকে প্ৰাণ হেৰুৱাইছে। আন ২০ জন লোক আহত হৈছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তাজিকিস্তানৰ উত্তৰৰ সুগাদ অঞ্চলৰ পৰা সামৰিক অভিযান চলোৱা হৈছে।

আনহাতে, কিৰ্গিজস্তানে কৈছে যে তাজিক সেনাই সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশ কৰিছে। সংঘৰ্ষত ৫৯ জন লোক নিহত হয়। সীমান্ত অঞ্চলৰ নিৰীহ লোকসকলক যুদ্ধৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায় ১,৩৭,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুয়োখন দেশলৈ শান্তিৰ বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয়, “সমস্যাটো সংঘৰ্ষ নহয়, আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰি। যুদ্ধ বন্ধ কৰিবলৈ দুয়োপক্ষৰ মাজত হোৱা আলোচনাত ৰাছিয়া সদায় মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ সাজু।‘’

উল্লেখ্য যে কিৰ্গিজস্তান আৰু তাজিকিস্তান দুয়োখন দেশৰে সৈতে ৰাছিয়াৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ। দুয়োখন দেশতে ৰাছিয়াৰ সামৰিক ঘাটি আছে। সেয়েহে ইউক্ৰেইন যুদ্ধ চলি থকাৰ সময়ত এই যুদ্ধৰ ফলত মস্কোৰ ওপৰত চাপ বৃদ্ধি পাইছে।

১৯৯০ ৰ দশকৰ আৰম্ভণিতে ভাঙি পৰা ছোভিয়েট ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন হোৱা দুখন দেশ তাজিকিস্তান আৰু কিৰ্গিজস্তানৰ মাজত প্ৰায় ১,০০০ কিলোমিটাৰ সীমান্ত আছে। ইয়াৰে এক-তৃতীয়াংশক লৈ তেওঁলোকৰ মাজত বিবাদ আছে।

ইয়াৰ পূৰ্বে আন দুখন প্ৰাক্তন ছোভিয়েট গণৰাজ্য আৰ্মেনিয়া আৰু আজাৰবাইজান  সংঘৰ্ষত জড়িত হৈছে। তাতো ইতিমধ্যে শতাধিক সেনা আৰু অসামৰিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।