NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জিম্মাত মাহচা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত জ্বলিছে ইৰান

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 23, 2022 6:14 pm

ইৰাণত মহিলাৰ তীব্ৰ বিক্ষোভ৷ হিজাব পৰিধান নকৰাৰ বাবে এগৰাকী মহিলাৰ গ্ৰেপ্তাৰ আৰু তাৰ পাছত মৃত্যুৰ ঘটনাই ইৰাণৰ লগতে গোটেই বিশ্বকে কঁপাই তুলিছে৷ ইৰাণৰ ঘটনাৰ ওপৰত জাহ্নৱী বৰুৱাৰ ইংৰাজী ৰিপৰ্ট-

উল্লেখ্য হিজাব পৰিধান নকৰাৰ ’অপৰাধ’ত ইৰাণত আৰক্ষীয়ে আটক কৰি নিয়া মাহচা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া মহিলাৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি এতিয়া দেশ খনত প্ৰতিবাদৰ দাবানল জ্বলি উঠিছে। আমিনাৰ মৃত্যুৰ প্ৰতিবাদত বহু মহিলাই নিজৰ চুলি কাটি প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে হিজাব জ্বলাই দিয়ে। ইৰানৰ এগৰাকী সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী মাছিহ আলিনেজাদে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত মহিলাসকলে চুলি কাটি থকাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “আৰক্ষীয়ে মাহচা আমিনীক হত্যাৰ প্ৰতিবাদত ইৰানী মহিলাসকলে চুলি কাটি আৰু হিজাব জ্বলাই তেওঁলোকৰ ক্ষোভ উজাৰি দিছে।”

তেওঁ লগতে লিখিছে”৭ বছৰ বয়সৰ পৰা যদি আমি চুলি ঢাকি নাৰাখোঁ তেন্তে আমি বিদ্যালয়লৈ যাব নোৱাৰো বা চাকৰি নাপাওঁ। লিংগ বৈষম্যমূলক শাসনৰ মাজত থাকি আমি অতিষ্ঠ হৈ পৰিছো”

উল্লেখ্য আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ ওপৰত কেইদিনমান পূৰ্বে নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিছিল। ফলত বহু মহিলা আহত হৈছিল।

মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলে এই বুলি বিবৃতি প্ৰকাশ কৰিছে, “২২ বছৰীয়া যুৱতী মাহচা আমিনীৰ জিম্মাত সন্দেহজনক মৃত্যুক সহজভাবে ল’ব নোৱাৰি। আৰক্ষীৰ জিম্মাত তেওঁক হয়তো অত্যাচাৰ আৰু অন্যান্য দুৰ্ব্যৱহাৰৰ কৰা হৈছিল, ঘটনাটোৰ তদন্ত কৰিব লাগে।”